ATTSA Protest in Jorhat:চাহ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে যোৰহাটত প্ৰতিবাদ - ATTSA
যোৰহাট,10 জুলাই:সোমবাৰে যোৰহাটত আটছাৰ প্ৰতিবাদ ৷ চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰক,ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীক গ্ৰেপ্তাৰৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আটছাই ৷ যদিহে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়া হাজাৰ হাজাৰ লোকে ৰাজপথ কঁপাব বুলি হুংকাৰ আটছাৰ ৷
ভাৰতীয় সংবিধানৰ মতে জনজাতিৰ স্বীকৃতি পাবলৈ সকলো ধৰণৰ বৈশিষ্ট্য থকাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে অসমৰ ভূমিপুত্ৰ চাহ জনগোষ্ঠীক জনজাতিকৰণৰ পৰা কিয় বঞ্চিত কৰা হৈছে বুলি প্ৰশ্ন কৰে আটছাৰ নেতৃত্বই ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে ই ভি এমৰ জৰিয়তে উচিত উত্তৰ দিয়া হ'ব বুলি প্ৰতিবাদকাৰীৰ হুংকাৰ । আনহাতে চাহ জনগোষ্ঠীক সন্দৰ্ভত পুনৰ বিৰূপ মন্তব্য প্ৰদান কৰিলে ট্ৰাইবেল সংঘৰ নেতা আদিত্য খাকলাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ প্ৰদান কৰে ছাত্ৰ সংগঠনটোৱে ৷
লগতে পঢ়ক:TET Teacher Protest in Assam:বিদ্যালয় এৰি ৰাজপথলৈ ওলাই আহিব টেট শিক্ষক