ATTSA protest in Mariani: মৰিয়নি তৈলক্ষেত্ৰত আটছাৰ ধৰ্মঘট কাৰ্যসূচী - Oilmask Oil Company
যোৰহাট,৫ ফ্ৰেব্ৰুৱাৰী:মৰিয়নিৰ চেলেংহাটৰ তৈলক্ষেত্ৰত আটছাৰ উত্তাল প্ৰতিবাদ(ATTSA protest at Mariani oilfield) । মুম্বাইৰ অইলমাস্ক(Oilmask Oil Company) নামৰ তৈল কোম্পানীটোৰ বিৰুদ্ধে থলুৱা লোকক বঞ্চনাৰ বিৰুদ্ধে আটছাৰ চেলেংহাট উপ-শাখাৰ উদ্যোগত ৰূপায়ণ কৰা হয় তৈলক্ষেত্ৰ অৱৰোধ আৰু ধৰ্মঘট কাৰ্যসূচী(ATTSA protest in Mariani) । বিশেষকৈ উক্ত অঞ্চলটোত থকা তৈলক্ষেত্ৰৰ পৰা তৈল কোম্পানীটোৱে দৈনিক তেল আহৰণ কৰি আহিছে যদিও চেলেংহাটৰ বৃহৎ অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণ জনকল্যানমূলক আচনি গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে(Oil company accused of depriving indigenous people) ।
বিশেষকৈ উক্ত কোম্পানীটোৱে তেল আহৰণৰ পিছতো উক্ত অঞ্চলৰ লোকসকলক কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ডেৰ বছৰ ধৰিৰ বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচী । প্ৰতিবাদকাৰীসকলে উল্লেখ কৰে যে কোম্পানীটোৱে বিগত সময়চোৱাত বহিৰাগত লোকক নিযুক্তি প্ৰদান কৰিৰ আহিছে । কিন্তু থলুৱা লোকক বঞ্চনা কৰাৰ লগতে অঞ্চলটোত কোনো ধৰণৰ উন্নয়নমুলক কামকাজ আজিকোপতি সম্পন্ন নকৰিলে ।
এনেদৰে উক্ত অঞ্চলটোৰ পৰাৰ তেল আহৰণ কৰাৰ পিছতো কোনো ধৰণৰ কৰ্মসংস্থাপন প্ৰদান নকৰাৰ আৰু জনকল্যানমূলক আঁচনি উক্ত কোম্পানীটোৱে গ্ৰহণ নকৰাৰ অভিযোগতে দেওবাৰে আটছা আৰু অঞ্চলবাসীয়ে তৈলক্ষেত্ৰ অৱৰোধ আৰু ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । যদি শীঘ্ৰে তেল কোম্পানীটোৱে উক্ত দাবীসমূহ পূৰণ নকৰে তেন্তে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আটছা তথা অঞ্চলবাসী ৰাইজে ।
প্ৰতিবাদকাৰীসকলে লগতে কয় যে মুম্বাইৰ অইলমাস্ক নামৰ তৈল কোম্পানীটোৱে বহিঃৰাজ্যৰ পৰা সকলো ব্যৱস্থা কৰিছে । ৰাইজৰ দাবীকো আওকান কৰি নিজৰ মইমতালিৰে কাম কৰি আছে তৈল কোম্পানীটোৱে । প্ৰতিবাদকাৰীসকলে কয় যে এইক্ষেত্ৰত বহুবাৰ স্মাৰক পত্ৰও প্ৰেৰণ কৰা হৈছিল কোম্পানীটোৰ উৰ্দ্ধতম কৰ্তৃপক্ষলৈ । কিন্তু ইমানৰ পাছতো তৈল কোম্পানীটোৰ গা নলৰাত এইবাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে চৰম পত্ৰ প্ৰেৰণ কৰে । চৰম পত্ৰ প্ৰেৰণ কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে পৰৱৰ্তী সময়ত অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়ক:Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ