ATTSA protest: শ্ৰমিকৰ ৰেচনৰ আটা বন্ধৰ বিৰুদ্ধে আটছাৰ প্ৰতিবাদ - আটছাৰ প্ৰতিবাদ
ডিব্ৰুগড়ৰ ABC Tea Welfare Services ৰ কাৰ্যালয়ত অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ প্ৰতিবাদ (ATTSA protest in Dibrugarh) । ABITA ৰ অধীনস্থ চাহ বাগিচা সমূহত শ্ৰমিকৰ ৰেচনৰ আটা বন্ধ কৰি দিয়াৰ প্ৰতিবাদত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় শাখা আৰু অসম চাহ জনজাতি মহিলা সমিতিৰ উদ্যোগত আজি দুঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা হয় (Protest agains ABC Tea Welfare Services) । এই প্ৰতিবাদী কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক লক্ষীন্দৰ কুৰ্মী, কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক বসন্ত কুৰ্মী, সুৰজ নায়ক, সুনীল পাতৰ আদিকে ধৰি কেইবাগৰাকী শীৰ্ষ পৰ্যায়ৰ আটছা নেতৃত্বই অংশগ্ৰহণ কৰে । কাৰ্যসূচীত আটছাই ডিব্ৰুগড় জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰও প্ৰেৰণ কৰে (ATTSA demands proper ration for tea workers) । প্ৰতিবাদকাৰীসকলে শ্ৰমিকক প্ৰতিটো পষেকতে 50 শতাংশ আটা আৰু চাউল ৰেচন হিচাপে দিয়াৰ দাবী জনায় ৷ লগতে ABC Tea Welfare Services ৰ আঞ্চলিক পৰিচালক পংকজ বৰুৱাক নিলম্বন কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় ৷ চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি ABITA ৰ অধীনত চাহ বাগিচা সমূহত শ্ৰমিকক 20 শতাংশ চাউল আৰু আটা ৰেচন হিচাপে দিয়াৰ কথা আছিল যদিও পংকজ বৰুৱাই সেই সকলো নিয়ম অমান্য কৰি শ্ৰমিকক ৰেচনৰ পৰা বঞ্চিত কৰি আহিছে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST