অসম

assam

মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

ETV Bharat / videos

Kalgachia Attempt to kill incident: কলগাছিয়াৰ চৰচৰীয়া চৰত মহিলাক দাৰে ঘপিয়াই হত্যাৰ চেষ্টা

By

Published : Jun 7, 2023, 10:14 AM IST

জনিয়া, 7 জুন:বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰচৰীয়া চৰত মঙলবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এক শিহৰণকাৰী ঘটনা । এগৰাকী মহিলাক নিশা দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱা হয় ৷ দাৰ ঘাপত গুৰুতৰভাৱে আহত মহিলাগৰাকীৰ অৱস্থা অতিকে সংকটজনক বুলি জানিব পৰা গৈছে ৷ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে তেওঁক (Attempt to kill a woman at Kalgachia) ৷

প্ৰাপ্ত তথ্য অনুসৰি চৰচৰীয়া চৰৰ ৰহিতন খাতুন নামৰ এগৰাকী ৪০ বছৰীয়া মহিলাক দাৰে ঘপিয়াই প্ৰাণে মৰাৰ চেষ্টা চলাই দুটা দুৰ্বৃত্তই । মহিলা গৰাকীৰ স্বামী কৰ্মসূত্ৰে গুৱাহাটীত থাকে । মঙলবাৰে নিশা মহিলা গৰাকীৰ মূৰ কামোৰণি হোৱাত ওচৰতে থকা ওঝাৰ ঘৰলৈ গৈ থকা অৱস্থাত দুটা দুৰ্বৃত্তই মহিলা গৰাকীক আগুচি ধৰি ডিঙিত গামোচা বান্ধি দাৰে ঘপিয়াই মহিলা গৰাকীক গুৰুতৰভাৱে আহত কৰে (Kalgachia Attempt to kill incident)।

ঘটনাৰ পিচতে পথাৰৰ মাজত কান্দোনৰ শব্দ শুনি ওচৰ চুবুৰীয়া আগুৱাই যোৱাত ৰহিতন খাতুনক ৰক্তাক্ত অৱস্থাত প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰোৱায় । ইফালে মহিলা গৰাকীৰ অৱস্থা অধিক সংকটজনক হোৱাত চিকিৎসকে বৰপেটা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । এই ঘটনাক কেন্দ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় ৷ ৰহিতন খাতুন নামৰ মহিলা গৰাকীক কোনে কি কাৰণত হত্যাৰ চেষ্টা চলাইছিল সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক :Protest at Silshako: শিলসাঁকোৰ উচ্ছেদিতসকলক পুনৰ সংস্থাপনৰ দাবীত মম জ্বলাই প্ৰতিবাদ

ABOUT THE AUTHOR

...view details