Atmanirvar Dhemaji Mela: গুৱাহাটীত আৰম্ভ হৈছে আত্মনির্ভৰ ধেমাজি মেলা - আজিৰে পৰা গুৱাহাটীত আত্মনির্ভৰ ধেমাজি মেলা
গুৱাহাটী, ৭ এপ্ৰিল: শুকুৰবাৰৰ পৰা খানাপাৰত অনুষ্ঠিত হৈছে আত্মনির্ভৰ ধেমাজি মেলা (Atmanirvar Dhemaji Mela held in Guwahati) । ধেমাজিৰ জিলাৰ বহুকেইটা আত্মসহায়ক গোটৰ উদ্যোগিক মহিলাসকলে এই মেলাত অংশগ্ৰহণ কৰিব । বৃহস্পতিবাৰে এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে আত্মনির্ভৰ ধেমাজি মেলাৰ সভাপতি তথা অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । ৭ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই মেলা(Atmanirvar Dhemaji Mela) ।
প্ৰায় ৬০ খন বিপণিয়ে অংশগ্ৰহণ কৰিছে এই মেলাত । উল্লেখ্য যে, কেৱল ধেমাজি জিলাৰে বিপনীসমূহে অংশ গ্ৰহণ কৰিব এই মেলাত । বিগত বছৰ ধেমাজি জিলাতে এই মেলা অনুষ্ঠিত কৰা হৈছিল যদিও প্ৰথম বাৰৰ বাবে গুৱাহাটীত এই আত্মনির্ভৰ ধেমাজি মেলা অনুষ্ঠিত কৰা হৈছে । মেলাত বিভিন্ন ধৰণৰ সাজ পোচাক, থলুৱা কৃষিজাত সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ বিপণি উপলব্ধ হ'ব ।
মেলাত প্ৰতিদিনাই অনুষ্ঠিত কৰা হ'ব সাংস্কৃতিক অনুষ্ঠানৰো । যোৱা বৰ্ষত ধেমাজিত অনুস্থিত কৰা এই মেলাত ৫৫ লাখ টকাৰ ব্যৱসায় কৰিছিল থলুৱা ব্যৱসায়ীসকলে । সেয়েহে আজিৰেপৰা গুৱাহাটীত অনুষ্ঠিত হোৱা এই মেলাত গুৱাহাটীবাসী ৰাইজৰ সহযোগিতা কামনা কৰিছে মেলাৰ সভাপতি ৰণোজ পেগুই (Ranuj Pegu Press Meet) ।
লগতে পঢ়ক:No water bottle: কাজিৰঙাত ৰাষ্ট্ৰপতিৰ সভাত পানীৰ বাবে হাহাকাৰ মহিলাৰ !