Hima Das at Barpeta satra : বৰপেটা সত্ৰ দৰ্শন ধিং এক্সপ্ৰেছ হিমা দাসৰ - বৰপেটা সত্ৰত হিমা দাস
বৰপেটা, ৩০ জুলাই :দেওবাৰে বৰপেটা সত্ৰ দৰ্শন কৰে ধিং এক্সপ্ৰেছ খ্যাত অসম গৌৰৱ হিমা দাসে ৷ পৰৱৰ্তী লক্ষ্যত উপনীত হোৱাৰ বাবে শংকৰ-মাধৱ গুৰু দুজনাৰ আশীৰ্বাদ বিচাৰি বৰপেটা সত্ৰত উপস্থিত হয় হিমা ৷
২০ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰত পদক বিজয়ী হিমা দাসে সম্প্ৰতি শাৰীৰিক আঘাতৰ বাবে খেলত যোগদানৰ পৰা বিৰত আছে যদিও পৰৱৰ্তী লক্ষ্যত উপনীত হ’বৰ বাবে আশা পুহি ৰাখিছে ৷ দৌৰৰ জৰিয়তে অসমক বিশ্বৰ ক্ৰীড়া ক্ষেত্ৰত জিলিকাই তোলা হিমা দাসে অসমীয়া জাতিৰ ঐতিহ্যৰ কথা প্ৰকাশ কৰি অসমীয়া যুৱকক কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ আহ্বান জনায় ৷
বিশেষকৈ যিকোনো কামত নিজকে জড়িত কৰাৰ লগতে ছমাহ খেতি কৰি ছমাহ পথাৰখন পেলাই নথবলৈ আহ্বান জনায় ৷ দেওবাৰে বৰপেটাত অনুষ্ঠিত কিওকুচিন কাই কান কাৰাটে প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে উপস্থিত হোৱা হিমা দাসে তাঁতীকুছিৰ আন এক অনুষ্ঠানটো অংশগ্ৰহণ কৰে ৷
লগতে পঢ়ক :Governor at Barpeta satra: বৰপেটা সত্ৰ দৰ্শন ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ