অসম

assam

শিৱসাগৰত মইমতালিৰে ঠিকাদাৰে বন্ধ কৰিলে ণিৰ্মাণ

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:50 PM IST

ETV Bharat / videos

শিৱসাগৰত পথৰ নিৰ্মাণ বন্ধ কৰা ঠিকাদাৰৰ বিৰুদ্ধে প্ৰতিবাদ আটাছুৰ

আমগুৰি, ২৬ ডিচেম্বৰ:শিৱসাগৰত মইমতালিৰে ঠিকাদাৰী প্ৰতিষ্ঠানে চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ আমগুৰি আঞ্চলিক সমিতিয়ে । জিলাখনৰ জাঁজীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে । আটাছুৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড লৈ চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য খৰতকীয়া কৰক, চাৰিলেনযুক্ত পথ নিৰ্মাণত দুৰ্নীতি বন্ধ কৰক, NHAIDCL মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে ।

লক্ষ্যণীয় যে ডিমৌৰ পৰা জাঁজীলৈকে চাৰিলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য ২০২১ চনতে সম্পূৰ্ণ কৰিব লাগিছিল । ২০১৪ চনতে কাম আৰম্ভ কৰি এই পৰ্যন্ত ৫০ শতাংশ কামো সম্পূৰ্ণ নহ'ল । বৰঞ্চ কোটি কোটি টকা লৈ ইটোৰ পিছত সিটো ঠিকাদাৰ প্ৰতিষ্ঠানে আধাতে কাম এৰি উধাও হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

লগতে পঢ়ক:অধ্যক্ষৰ অপসাৰণক লৈ ৰাজপথত ছাত্ৰ-ছাত্ৰীৰ বিক্ষোভ কাৰ্যসূচী

ABOUT THE AUTHOR

...view details