অসম

assam

সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক

ETV Bharat / videos

ATASU Press Meet : আটাছুৰ কেন্দ্ৰীয় সভাপতি পদৰ পৰা অপসাৰণ মিলন বুঢ়াগোহাঁইক - আটাছু

By

Published : Jul 22, 2023, 10:49 PM IST

Updated : Jul 23, 2023, 7:41 AM IST

ডিব্ৰুগড়,22 জুলাই: ৰাজ্যত দুটা দিনে ব্যাপক চৰ্চাত আছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁই । বিজেপি নেতাৰ সৈতে হোৱা ফোন ৰেকৰ্ড প্ৰচাৰ হোৱা পাচতে চৰ্চালৈ আহিছিল সংগঠনটোৰ সভাপতিগৰাকী । ইয়াৰ পাচতে মৰাণত আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে সংবাদমেল অনুষ্ঠিত কৰে । এই সংবাদমেলত ঘোষণা কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ বিতৰ্কিত সভাপতি মিলন বুঢ়াগোহাঁইক কেন্দ্ৰীয় সমিতিৰ সভাপতি পদৰ পৰা অপসাৰণ কৰাৰ কথা। 

৭২ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শাব নোৱাৰিলে মিলন বুঢ়াগোহাঁইক আটাছুৰ প্ৰাথমিক সদস্যৰ পৰা বহিষ্কাৰ কৰা হ'ব বুলি ঘোষণা কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিয়ে । নতুনকৈ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে বসন্ত গগৈক দায়িত্ব দিয়া হয় । মৰাণৰ পৰিদৰ্শন ভৱনত শনিবাৰে ৫ ঘণ্টা ধৰি চলা কাৰ্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে । সংবাদমেলত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা কথা উল্লেখ কৰে সংগঠনটোৱে। 

লগতে পঢ়ক:AATSA Protest in Duliajan:চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ আটছাৰ

Last Updated : Jul 23, 2023, 7:41 AM IST

ABOUT THE AUTHOR

...view details