অসম

assam

Assam Assembly

ETV Bharat / videos

Assam Assembly: শিলসাঁকোৰ উচ্ছেদ আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ উত্তাল বিধানসভা - বিধানসভাৰ শৰৎকালীন‌ অধিৱেশন

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:24 PM IST

গুৱাহাটী, 12 ছেপ্টেম্বৰ: বিধানসভাৰ শৰৎকালীন‌ অধিৱেশনৰ মঙলবাৰে দ্বিতীয় দিনা কংগ্ৰেছ দলে শিলসাঁকো বিলৰ উচ্ছেদৰ বিষয়টো আৰু শিলসাঁকো বিলৰ উচ্ছেদৰ সময়ত মহিলাই বস্ত্ৰহীনভাৱে প্ৰতিবাদ কৰা বিষয়টো উত্থাপন কৰে । 

আনহাতে বিধায়ক অখিল‌ গগৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ ভূমি কেলেংকাৰী বিষয়টো উত্থাপন কৰে । ইয়াকে লৈ সদনত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ।‌ শাসক-বিৰোধীৰ মাজত বাক যুদ্ধৰ‌ সৃষ্টি হয় । 

উল্লেখ্য যে নগাঁও জিলাৰ কলিয়াবৰ বৰভগীয়া মৌজাৰ দাৰি গজি গাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই ক্ৰয় কৰিছে ৫০ বিঘা ২ কঠা ১৯ লেচা কৃষিভূমি । উত্থাপিত অভিযোগ অনুসৰি এই কৃষিভূমি একে দিনতে, একেখন পথাৰত, একেটা প্লটতে, একেটা কোম্পানীয়ে ক্ৰয় কৰিছে ৷

মাত্র ১০ মাহৰ ভিতৰতে এই কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি উদ্যোগ স্থাপনৰ বাবে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই লাভ কৰিছে ভাৰত চৰকাৰৰ খাদ্য সংসাধন মন্ত্ৰালয়ৰ পৰা ‘প্রধানমন্ত্রী কিষাণ সম্পদ যোজনা’ আঁচনিৰ অধীনত ১০ কোটি টকাৰ ৰাজসাহায্য । মাত্র ১০ মাহৰ ভিতৰত মাটি ক্রয় কৰি মাটিৰ শ্ৰেণী পৰিৱৰ্তনেৰে উদ্যোগ স্থাপনৰ বাবে ৰাজসাহায্য কেনেকৈ লাভ কৰিব পাৰে তাক লৈ চলিছে সৰৱ চৰ্চা । 

লগতে পঢ়ক:Abdul Khaleque: মুখ্যমন্ত্রীৰ পৰিবাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সদন কমিটিৰ পোষকতা সাংসদ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details