অসম

assam

ধেমাজিত সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্রামৰ শুভাৰম্ভণি

ETV Bharat / videos

ধেমাজিত সমষ্টি পৰ্যায়ৰ সাংস্কৃতিক মহাসংগ্রামৰ শুভাৰম্ভ - Sanskritik Mahasangram 2023

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 5:25 PM IST

ধেমাজি,১২ ডিচেম্বৰ: মঙলবাৰৰ পৰা ধেমাজি জিলাত অনুষ্ঠিত হৈছে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত সমষ্টি ভিত্তিক সাংস্কৃতিক মহাসংগ্রামৰ প্ৰতিযোগিতাসমূহ । ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত জিলাখনৰ সমষ্টিভিত্তিত প্ৰতিযোগিতাসমূহৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ শুভেচ্ছামূলক ভাষণত মন্ত্ৰীগৰাকীয়ে মানুহৰ জীৱন গঢ়াৰ বাবে ক্ৰীড়া আৰু সাংস্কৃতিক কৰ্মৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে ৷  

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কথা উল্লেখ কৰি কয় যে, যোৱা ১৫ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাত লোৱা ৫ টা সংকল্পৰ ভিতৰত ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্প লোৱাৰ লগতে নিজস্ব সংস্কৃতিক শ্ৰদ্ধা কৰাৰ এক গুৰুত্বপূৰ্ণ সংকল্প লোৱা হৈছে ৷  

১২ পৰা ১৪ ডিচেম্বৰলৈকে ৫ টা মঞ্চত সমান্তৰালভাৱে অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ধেমাাজি সমষ্টিৰ পৌৰসভা আৰু ৩৩ টা পঞ্চায়তৰ পৰা জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্র সংগীত, ৰবীন্দ্ৰ সংগীতৰ লগতে লোক-কৃষ্টি আৰু সংগীতৰ প্ৰতিযোগিতাত একক শাখাত ৫২৪ জন আৰু দলীয় শাখাত ১৫৪ জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে ৷ সমষ্টিটোত মুঠ প্ৰতিযোগী আছিল ১১ হেজাৰ ৷ উল্লেখ্য যে ডিচেম্বৰৰ শেষৰফালে জিলা ভিত্তিত প্ৰতিযোগিতাত নিৰ্বাচিত শিল্পীসকলে ৰাজ্যিক ভিত্তিত আয়োজিত প্ৰতিযোগিতাত অংশগ্রহণৰ সুযোগ পাব ।  

লগতে পঢ়ক:মহানগৰীৰ হাতীগাঁও হাইস্কুলত পঞ্চ শ্বহীদলৈ আছুৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details