Threat to Assam CM: মুখ্যমন্ত্ৰীলৈ খালিস্তানীয়ে দিয়া ভাবুকিক লৈ অস্তুষ্ট অসমীয়া শিখ সমাজ - অসমীয়া শিখ সমাজ মুখ্যমন্ত্ৰীৰ ৰক্ষা কৱচ হৈ থাকিব
ৰহা, 4 এপ্ৰিল : ‘‘অসম মুখ্যমন্ত্ৰীক হত্যা কৰাৰ আগতে খালিস্তানীয়ে অসমীয়া শিখসকলক হত্যা কৰিব লগিব । কোনো খালিস্তানী শক্তিক আমি প্ৰশ্ৰয় নিদিওঁ ৷ যেতিয়ালৈকে আমি জীয়াই থাকিম, তেতিয়ালৈকো অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কোনো অপশক্তিয়ে আক্ৰমণ কৰিব নোৱাৰে ৷’’ মঙলবাৰে চাপৰমুখত আয়োজিত শিখ সমাজৰ এক ধৰ্মীয় এইদৰে মন্তব্য কৰে অসমীয়া শিখ সমাজৰ সদস্যসকলে ৷
মংগলবাৰে ৰহাৰ চাপৰমুখৰ ঐতিহাসিক মাতাজী গুৰুদ্বাৰত অসমীয়া শিখ সমাজে আয়োজন কৰে এক সংবাদমেলৰ ৷ এই সংবাদমেলতে খালিস্তানী সন্ত্ৰাসবাদীয়ে অসমৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি দিয়া কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰে (Assamese sikh community criticized Khalistani) ৷ লগতে তেওঁলোকে কয়, ‘‘খালীস্তানী সন্ত্ৰাসবাদীয়ে দিয়া এই ভাবুকি, ভাবুকি হৈয়ে থাকিব ৷ একো কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীক ৷ প্ৰয়োজনত অসমীয়া শিখ সমাজ মুখ্যমন্ত্ৰীৰ ৰক্ষা কৱচ হৈ থাকিব’’ ৷
লগতে পঢ়ক :Human sacrifice at Kamakhya : কামাখ্যাৰ নৰবলি সংঘটিত কৰা 5 অভিযুক্তক গ্ৰেপ্তাৰ