অসম

assam

জোনাইৰ পৰা লাডাখলৈ দুঃসাহসিক মটৰ চাইকেল যাত্ৰা

ETV Bharat / videos

Ride from Jonai to Ladakh: মটৰ চাইকেলেৰে জোনাইৰ দুই যুৱকৰ লাডাখলৈ দুঃসাহসিক যাত্ৰা - Adventurous motorcycle ride from Jonai to Ladakh

By

Published : Jul 31, 2023, 11:00 AM IST

জোনাই, ৩১ জুলাই : সোমবাৰে পুৱা ৪ বজাত জোনাইৰ দুজন যুৱকে অসম-অৰুণাচল সীমান্তৰ জোনাইৰ পৰা কাশ্মীৰৰ লাডাখলৈ দুঃসাহসিক মটৰ চাইকেল যাত্ৰা আৰম্ভ কৰে । জোনাইৰ গৌৰাংগ মেদক আৰু ৰোশন চৌধুৰী নামৰ যুৱক দুজনে প্ৰায় ৫ বছৰ পূৰ্বৰে পৰা লাডাখ যাত্ৰাৰ পৰিকল্পনা তৈয়াৰ কৰিছিল ৷ এই পৰিকল্পনা অনুসৰিয়েই, গৌৰাংগ মেদক আৰু ৰোশন চৌধুৰীৰ পৰিয়াল তথা জোনাই ৰাইদাৰ্ছে তেওঁলোকক সম্পূৰ্ণ সহায় সহযোগিতা আগবঢ়াইছে ৷

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও গৌৰাংগ মেদকে মায়ডিয়া, টাৱাং, আনিনি, ধংবেলি, মেছুকা দেশৰ আদি বিভিন্ন ঠাইত দুঃসাহসিক মটৰচাইকেল যাত্ৰা কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ব্যক্তিগত খৰছেৰে প্ৰায় এমাহ কাল ধৰি আৰম্ভ কৰা এই যাত্ৰাত জোনাই ৰাইডাৰ্ছৰ কেইবাজনো সদস্যৰ উপস্থিতিত ফ্লেগ অফ কৰাৰ লগতে যুৱক দুজনৰ এই দুইঃসাহসিক যাত্ৰা সফল হোৱাৰ আশা প্ৰকাশ কৰিছে জোনাই ৰাইডাৰ্ছৰ সদস্যসকলে ।

লগতে পঢ়ক :Shravan Sombar: ব’ল ব’ম উপলক্ষে হাতীমূৰাৰ দুৰ্গা দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

ABOUT THE AUTHOR

...view details