FIR filed against Badruddin Ajmal : বদৰুদ্দিন আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত FIR দাখিল অসম তৃণমূল যুৱ কংগ্ৰেছৰ
Published : Nov 7, 2023, 12:13 PM IST
গুৱাহাটী, 7 নৱেম্বৰ :সাংসদ বদৰুদ্দিন আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত এজাহাৰ দাখিল । অসম তৃণমূল যুৱ কংগ্ৰেছে সোমবাৰে নিশা দাখিল কৰে এই এজাহাৰ । লগতে সংবাদ মাধ্যমৰ জৰিয়তে আজমলক ৰাজহুৱা স্থানত সাম্প্ৰদায়িক মন্তব্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে অসম তৃণমূল যুৱ কংগ্ৰেছে । লগতে বিভেদৰ ৰাজনীতি বন্ধ কৰিবলৈয়ো সংবাদ মাধ্যমৰ জৰিয়তে সাংসদ আজমল সকীয়নি প্ৰদান কৰে অসম তৃণমূল যুৱ কংগ্ৰেছে ।
অসম তৃণমূল যুৱ কংগ্ৰেছে কয় যে সাম্প্ৰদায়িক মন্তব্যৰে আজমলে হিন্দু-মুছলমানৰ নামত গোষ্ঠীগত সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিছে । আজমলে এই সকলোবোৰ বন্ধ কৰি দিয়ক ৷ অন্যথা অনাগত দিনত অসম তৃণমূল যুৱ কংগ্ৰেছে আজমলৰ বিৰুদ্ধে গঢ়ি তুলিব বৃহৎ গণতান্ত্ৰিক আন্দোলন ।
উল্লেখ্য যে, ধুবুৰীৰ সাংসদ তথা AIUDF ৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে কৰা উগ্ৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । শেহতীয়াকৈ 15 টা বিৰোধী দলে একত্ৰিত হৈছে যদিও AIUDF ক সাম্প্ৰদায়িক দল বুলি আকোঁৱালি লোৱা নাই বিৰোধী শিবিৰে । সেয়ে নিজকে চৰ্চাত ৰখাৰ বাবে আজমলে এনেধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি আছে বুলি উল্লেখ কৰে অসম তৃণমূল যুৱ কংগ্ৰেছে ।