টীয়কত গাড়ীচালকৰ প্ৰতিবাদ, ব্যাহত জনজীৱন
Published : Jan 5, 2024, 7:59 PM IST
টীয়ক, 5 জানুৱাৰী : সমগ্ৰ ৰাজ্য আজি অচল ৷ চৰকাৰে প্ৰণয়ন কৰিবলৈ লোৱা হিট এণ্ড ৰান আইনৰ বিৰুদ্ধে আজি সকলো চালকে গাড়ী চলোৱাৰ পৰা বিৰত থাকে আৰু আইনখন বাতিলৰ দাবীত মটৰ শ্ৰমিক সংগঠনে 48 ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে ৷
ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে টীয়কতো টীয়ক মটৰ শ্ৰমিক সংগঠনে এই ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ লগতে চৰকাৰে এই আইন বাতিল নকৰা পৰ্যন্ত এই ধৰ্মঘট চলি থাকিব বুলি মত প্ৰকাশ কৰে চালক সকলে ৷
ইফালে চালকসকলৰ ক্ষেত্ৰত অনাকাংক্ষিত দুৰ্ঘটনাৰ বাবে যি জৰিমনাৰ ব্যৱস্থা কৰিছে সেয়া অসম্ভৱ বুলি সদৰী কৰি অনতি পলমে এইসকল চালকৰ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত চৰকাৰক যথোপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কাতৰ অনুৰোধ জনায় ৷
লগতে পঢ়ক :গাড়ীচালকৰ প্ৰতিবাদত ব্যাহত তেজপুৰৰ স্বাভাৱিক জনজীৱন