অসম

assam

পৱন হংসৰ লগত অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

ETV Bharat / videos

Pawan Hans Helicopter Service : পৱন হংসৰ লগত অসম পৰ্যটন নিগমৰ বুজাবুজি চুক্তি

By

Published : Feb 8, 2023, 9:18 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

গুৱাহাটী/ডিব্ৰুগড় : অসমত পৰ্যটনৰ বাবে হেলিকপ্টাৰ সেৱা আৰম্ভ কৰিবলৈ বুধবাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পৱন হংস লিমিটেডৰ (Pawan Hans Limited) সৈতে অসম পৰ্যটন নিগমৰ এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় (MoU between Assam tourism and Pawan Hans)৷ এই চুক্তি অনুসৰি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ৰ (Ministry of Civil Aviation) উড়ান আঁচনিৰ (UDAN scheme) অধীনত পৱন হংস লিমিটেডে বুধবাৰৰ পৰা অসমৰ চাৰিখন চহৰৰ মাজত আৰম্ভ কৰিছে হেলিকপ্টাৰ সেৱা ৷

গুৱাহাটী-ডিব্ৰুগড়-যোৰহাট-তেজপুৰৰ মাজত মুঠ ছটা আকাশী পথত এই হেলিকপ্টাৰ সেৱা আৰম্ভ কৰাৰ অনুমতি দিয়া হৈছে । এই সেৱাই ৰাজ্যখনৰ পৰ্যটন আৰু বাণিজ্য খণ্ডত নতুন গতি আনিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ উল্লেখযোগ্য যে ‘উড়ান’ আঁচনিৰ অধীনত পৱন হংস লিমিটেড নামৰ হেলিকপ্টাৰ কোম্পানীটোৱে ৰিজিঅ'নেল কানেক্টিভিটী স্কীম (আৰ চি এছ) খণ্ডত পূৰ্বোত্তৰৰ আঠখন ৰাজ্যত মুঠ ৮৬ টা আকাশী পথত হেলিকপ্টাৰ সেৱা আৰম্ভ কৰাৰ অনুমতি লাভ কৰিছে । ইয়াৰে প্ৰথম পর্যায় হিচাবে প্ৰতিষ্ঠানটোৱে বুধবাৰে অসমৰ চাৰিখন চহৰৰ মাজত মুঠ ছটা আকাশী পথত এই সেৱা মুকলি কৰে (Pawan Hans Helicopter Service in Assam)।

পথ যোগাযোগ ব্যৱস্থা মসৃণ নোহোৱা বাবে ৰাজ্যখনত এই হেলিকপ্টাৰ সেৱাই যোগাযোগ ব্যৱস্থালৈ এক আমূল পৰিৱৰ্তন আনিব আৰু অতি সহজ আৰু কম সময়ৰ ভিতৰতে চহৰকেইখনৰ মাজত যাতায়াত সম্ভৱ কৰি তুলিব ৷  ফলত ৰাজ্যখনত পৰ্যটন আৰু বাণিজ্য খণ্ডটোত এক নতুন গতিৰ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ প্ৰতিষ্ঠানটোৱে জনোৱা মতে পর্যায়ক্ৰমে এই সেৱা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ৰে’ল আৰু পথ যোগাযোগ ব্যৱস্থাই ঢুকি নোপোৱা পূৰ্বোত্তৰৰ আটাইবোৰ চহৰলৈকে সম্প্ৰসাৰিত কৰা হ'ব আৰু অঞ্চলটোৰ বাসিন্দাসকলে সহজতে এঠাইৰপৰা আন ঠাইলৈ অহা-যোৱা কৰিবলৈ সক্ষম হ’ব ।

ইতিমধ্যে প্ৰকাশ কৰা সূচী অনুসৰি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে তেজপুৰৰ পৰা পৱন হংস হেলিকপ্টাৰে দিনৰ ১.২০ বজাত যাত্ৰা আৰম্ভ কৰি যোৰহাটত ২.১০ বজাত অৱতৰণ কৰিব ৷ ডিব্ৰুগড়ৰ পৰা ৮.৫০ বজাত যাত্ৰা আৰম্ভ কৰি যোৰহাটত ৯.৩৫ বজাত অৱতৰণ কৰিব, যোৰহাটৰ পৰা ৯.৫০ ত যাত্ৰা আৰম্ভ কৰি ১০.৪০ বজাত তেজপুৰত অৱতৰণ কৰিব আৰু গুৱাহাটীৰ পৰা ১২.১৫ বজাত যাত্ৰা আৰম্ভ কৰি ১৩.০৫ বজাত অৱতৰণ কৰিব আৰু আৰু যোৰহাটৰ পৰা ১৪.২৫ বজাত যাত্ৰা আৰম্ভ কৰি ১৫.১০ বজাত ডিব্ৰুগড়ত অৱতৰণ কৰিব (Pawan Hans Helicopter schedule)৷

বুধবাৰে প্ৰথম দিনা আবেলি ৩.৩৫ ত ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত অৱতৰণ কৰে পৱন হংস হেলিকপ্টাৰ । অৱশ্যে আনুষ্ঠানিকতা ৰক্ষা কৰি প্ৰথমদিনা যাত্ৰী অবিহনেই মোহনবাৰীত অৱতৰণ কৰে হেলিকপ্টাৰখনে ৷  উল্লেখ্য যে ডিব্ৰুগড়ৰ পৰা আগন্তুক ১৩ ফেব্ৰুৱাৰীৰ পৰাহে পূৰ্ণভাৱে এই সেৱা কাৰ্যকৰী হৈ উঠিব ৷ এই নৱতম হেলিকপ্টাৰ সেৱাৰ সন্দৰ্ভত ডিব্ৰুগড় বিমান বন্দৰ কৰ্মচাৰীসকলে মন্তব্য কৰি কয় - ‘‘এই বিমান সেৱাই যাত্ৰী সকলক যথেষ্ট সহায় কৰিব’’ ৷

লগতে পঢ়ক:Air pollution in Guwahati: ভয়ংকৰ বায়ু প্ৰদূষণৰ গ্ৰাসত গুৱাহাটী মহানগৰী

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

...view details