Assam pride japi: জাপি কাটি তোৰণ নিৰ্মাণক লৈ উত্তপ্ত ডিব্ৰুগড় - জাপি কাটি ব্যৱহাৰ
Published : Nov 4, 2023, 9:02 AM IST
ডিব্ৰুগড়, 4 নৱেম্বৰ :একাংশ চৰকাৰী বিভাগৰ বিষয়া আৰু ঠিকাদাৰে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া সংস্কৃতিক অপমান কৰি আহিছে । কিছুদিনৰ পূৰ্বে G20 সন্মিলনত অসমীয়াৰ বাপতি সাহোন বিহুক বিকৃতকৰণ কৰি উপস্থাপন কৰিছিল একাংশই । বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এই বিকৃতকৰণ লৈ ৷ শেহতীয়াকৈ আকৌ চৰ্চালৈ আহিছে তেনে এক বিষয় ৷
এইবাৰ অসমীয়াৰ স্বাভিমানৰ জাপিক চূড়ান্ত অপমান । ডিব্ৰুগড়ত পৰ্যটন বিভাগে অস্থায়ীকৈ নিৰ্মিত তোৰণত জাপি কাটি ব্যৱহাৰ কৰিছে ৷ ইয়াকে লৈ ক্ষোভিত হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷ ডিব্ৰুগড় বিমানবন্দৰৰ সমীপত ইয়াকে লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ।
অসমীয়াৰ স্বাভিমানৰ জাপিক পৰ্যটন বিভাগে অপমানিত কৰা কাৰ্যত লাহোৱাল আছুৱে ক্ষান্ত নাথাকি জেচিবি লৈ তোৰণ ভাঙিবলৈ সাজু হোৱা সময়তে তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় বিমানবন্দৰৰ সমীপত । ইয়াৰ পাচতে প্ৰশাসনে অসমীয়াৰ স্বাভিমানৰ জাপিক বিকৃত কৰি নিৰ্মাণ কৰা তোৰণ আঁতৰাই পেলোৱাৰ সিদ্ধান্ত লয় ।
লগতে পঢ়ক :Woman commits suicide: স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কাৰণে আত্মঘাতী পত্নী