ATTSA Protest: অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ 2 ঘণ্টীয়া ধৰ্ণা - লুং শুং চাহ বাগিছা
নগাঁও জিলাৰ কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত অসম চাহ নিগম লিমিটেডৰ (Assam Tea Corporation Limited) অধীনস্থ লুং শুং চাহ বাগিচাৰ (Lung sung Tea garden) কাৰ্যালয়ত শুকুৰবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) ৰ উদ্যোগত অসম চাহ নিগমৰ চাহ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ দাবীত ২ ঘণ্টীয়া ধর্ণা কাৰ্য্যসূচী ৰূপায়ণ কৰা হয় (Assam Tea Tribes Students Association protest ) । উল্লেখ্য যে অসম চাহ নিগম লিমিটেডৰ অধীনস্থ যি ১২ খন বাগিচা আছে সেই বাগিচা সমূহ ইতিমধ্যে লীজত দিয়াৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে। কিন্তু চাহ শ্ৰমিকৰ সম্পুৰ্ণ বকেয়া ধনখিনি আদায় নিদিয়াকৈ অসম চৰকাৰে কোনো ব্যক্তিগত খণ্ডলৈ গতাই দিব নোৱাৰিব বুলি ‘অসম চৰকাৰ হুচিয়াৰ’, ‘শ্ৰম মন্ত্ৰী মূৰ্দাবাদ’, ‘হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ’ আদি ধ্বনি দি প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে লুং শুং চাহ বাগিচাৰ কাৰ্যালয় ৷ তদুপৰি এই সমস্যাসমূহ সমাধানৰ দাবীত অসম চাহ মজদুৰ সংঘ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে লুং শুং চাহ বাগিচাৰ কৰ্তৃপক্ষক এখন স্মাৰক পত্ৰও প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:30 PM IST