অসম

assam

মহাকাশৰ বুকুত ইতিহাস ৰচিলে ভাৰতে

ETV Bharat / videos

Success of Chandrayaan-3: চন্দ্ৰযান-3 বিজয় গাঁথা; আনন্দৰ জোৱাৰ ISRO ৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ বাসগৃহত

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 1:04 PM IST

চতিয়া, 24 আগষ্ট :মহাকাশৰ বুকুত ইতিহাস ৰচিলে ভাৰতে ৷ চন্দ্ৰ মামাক দূৰৈৰ পৰা চাই হেঁপাহ পলুৱাই নহয়, চন্দ্ৰ মামাৰ ঘৰলৈয়ো যাব পাৰিব এতিয়া সকলোৱে ৷ কিয়নো সকলোৰে জ্ঞাত যে, ভাৰতীয় মহাকাশ বিজ্ঞানীৰ প্ৰচেষ্টা বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা হ’ল চন্দ্ৰযান-3 ৰ বিক্ৰম লেণ্ডাৰক ৷ বিক্ৰম লেণ্ডাৰৰ পৰা ওলাই গৈছে ৰ’ভাৰ প্ৰজ্ঞান ৷ আগন্তুক 14 টা দিন প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠত থাকি চন্দ্ৰ সন্দৰ্ভত যুগুত কৰিব তথ্য ৷

ভাৰতীয় মহাকাশ বিজ্ঞানীৰ এই সাফল্যত গৌৰৱাম্বিত এতিয়া দেশবাসী । ISRO ৰ এই চন্দ্ৰ অভিযানত জড়িত আছিল জামুগুৰিহাটৰ এগৰাকী জীয়ৰীও ৷ জামুগুৰিহাটৰ বাঁহবাৰী সত্ৰ নিবাসী তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰীক সুৰেন কলিতাৰ জীয়ৰী তথা ISRO ৰ বিজ্ঞানী উদ্দীপনা কলিতা আছিল চন্দ্ৰযান-3 ৰ অন্যতম অংশীদাৰ ৷ চন্দ্ৰযানখন প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি উৎক্ষেপন তথা চন্দ্ৰত অৱতৰণ কৰা পৰ্যন্ত তেওঁ জড়িত আছে ৷

চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ পাচতেই জামুগুৰিহাটৰ ISRO ৰ বৈজ্ঞানিক উদ্দীপনা কলিতাৰ ঘৰতো বিৰাজ কৰিছে উৎসৱমুখৰ পৰিৱেশে । সৰুৰে পৰাই কল্পনা চাওলা হোৱাৰ হাবিয়াস পুহি ৰখা বিজ্ঞানী উদ্দীপনাৰ পিতৃৰ চকুত আজি আনন্দৰ চকুপানী ৷ এই ঐতিহাসিক মুহূৰ্তৰ অংশীদাৰী হোৱাত উদ্দীপনা কলিতাৰ এই সফলতাত আজি গৌৰৱান্বিত তেওঁৰ পিতৃও  ৷

লগতে পঢ়ক :Successful landing of Chandrayaan-3: গুগলৰ CEO সুন্দৰ পিচাইয়ে অভিনন্দন জনালে ভাৰতীয় বিজ্ঞানীক

ABOUT THE AUTHOR

...view details