অসম সৌৰভ বঁটাপ্ৰাপ্তিত অভিভূত ড০ কিষাণ চান্দ ন'ৰিয়াল - কিষাণ চান্দ
Published : Jan 17, 2024, 8:28 PM IST
ডিব্ৰুগড়, 17 জানুৱাৰী: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন ইউনেস্ক'ত গ্ৰহণ কৰা পিচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ।
এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ মূল ব্যক্তি আছিল ড৹ কিষাণ চান্দ ন'ৰিয়াল । বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্য চৰকাৰে দিলে ভাল খবৰ । ড৹ কিষাণ চান্দ ন'ৰিয়াললৈ অসম চৰকাৰে আগবঢ়াই বৰ্ষৰ অসম সৌৰভ বঁটা । চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত ইউনেস্ক'লৈ প্ৰেৰণ কৰা ড'চিয়াৰ প্ৰস্তুতৰ লগতে চৰাইদেউ মৈদামৰ সুৰক্ষা আৰু ইউনেস্ক'ৰ নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে ড৹ ন'ৰিয়ালে ৷
উল্লেখ্য যে ড৹ নৰিয়ালৰ ঘৰ উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ।
লগতে পঢ়ক:2023-24 বৰ্ষৰ শিল্পী সন্মান ঘোষণা: 62 গৰাকীলৈ শিল্পী পেন্সন