Assam Police BMI Test : মাজুলীৰ নৱ নিৰ্মিত পুলিচ ৰিজাৰ্ভত আৰক্ষীৰ বি এম আই টেষ্টিং - আৰক্ষীৰ বি এম আই টেষ্টিং
মাজুলী, 16 আগষ্ট :আজিৰে পৰা আৰম্ভ হৈছে অসম আৰক্ষীৰ বি এম আই টেষ্টিং ৷ মাজুলীৰ নৱ নিৰ্মিত পুলিচ ৰিজাৰ্ভত কৰা হৈছে আৰক্ষীৰ বি এম আই টেষ্টিং ৷ জিলাখনৰ আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ নেতৃত্বত চলিছে এই পৰীক্ষা কাৰ্য ৷
অসম আৰক্ষীক সুস্থ আৰু সবল কৰি ৰখাৰ স্বাৰ্থত অসম চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাবে আজিৰে পৰা আৰম্ভ হৈছে আৰক্ষীৰ বি এম আই টেষ্টিং ৷ সমগ্র ৰাজ্যৰ লগতে মাজুলীতো আৰক্ষী বিষয়া আৰু জোৱান সকলৰ মাজত হৈছে বি এম আই টেষ্টিং ৷
কৰ্তব্যৰত আৰক্ষীৰ উচ্চতা, ওজন আদিকে ধৰি বিভিন্ন খতিয়ান সংগ্ৰহ কৰিছে আৰক্ষীয়ে ৷ মাজুলীৰ সৰ্ব মুঠ ৪১৭ জন আৰক্ষীৰ আজি অনুষ্ঠিত হৈছে বি এম আই টেষ্টিং ৷