Heroin recoverd: প্ৰায় 18 কোটি টকাৰ ড্ৰাগছসহ মহানগৰ আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড খলিলুৰ - জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ
Published : Sep 12, 2023, 7:19 AM IST
বাইহাটা, 12 ছেপ্টেম্বৰ: সোমবাৰে আমিনগাঁৱত জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ প্ৰায় 18 কোটি টকা মূল্যৰ হেৰ’ইন জব্দ কৰা হয় বিশেষ অনুসন্ধানকাৰী গোট আৰু কামৰূপ আৰক্ষীয়ে চলোৱা যুটীয়া অভিযানত ৷ আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত চলা অভিযানত জব্দ হোৱা হেৰ’ইনখিনিৰ ওজন প্ৰায় আঢ়ৈ কেজি ।
170 টা চাবোনৰ বাকচত কৌশলপূৰ্ণভাৱে কঢ়িয়াই অনা হৈছিল হেৰ’ইনখিনি ৷ মহিন্দ্ৰা থাৰ বাহনৰ গোপন চেম্বাৰত লুকুৱাই অনা হৈছিল ড্ৰাগছখিনি । মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা অসমৰ কামৰূপলৈ ড্ৰাগছখিনি সৰবৰাহ কৰা হৈছিল । আটাকধীন ড্ৰাগছ সৰবৰাহকাৰীকেইটা হ’ল খলিলুৰ ৰহমান (কামৰূপৰ মুক্তাপুৰ) ইনামুল আলী (দৰঙৰ কলিতাপাৰা) আব্দুল আলী (কামৰূপৰ মুক্তাপুৰ), মণিপুৰৰ গোগো দোংমো, গোগো হৌকিক, ৰণ মাৰ ৷
উল্লেখ্য যে, ধৃত সৰবৰাহকাৰীকেইটাৰ মাজত কুখ্যাত ড্ৰাগছ মাফিয়া হিচাবে পৰিচিত খলিলুৰ ৰহমান ৷ আনকি খলিলুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ অসম আৰক্ষীয়ে কেবাবাৰো চেষ্টা চলাইছিল যদিও আৰক্ষীৰ বেহু ফালি পলাবলৈ সক্ষম হৈছিল বুলি আৰক্ষীয়ে জনায় । গোপন সূত্ৰৰ ভিত্তিত চলোৱা অভিযানত খলিলুৰৰ লগতে আন পাঁচজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী ৷
লগতে পঢ়ক:Assam Assembly Autumn Session: ৰাজ্যত দৈনিক ৩ হত্যাকাণ্ড আৰু ২ ধৰ্ষণৰ ঘটনা সংঘটিত হয়