অসম

assam

Felicitated program of AOA : হোটেল তাজ ভিভান্টাত অলিম্পিক সংস্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান

By

Published : Apr 13, 2023, 9:30 PM IST

হোটেল তাজ ভিভান্টাত ক্ৰীড়াবিদক সম্বৰ্ধনা

গুৱাহাটী, ১৩ এপ্ৰিল : বৃহস্পতিবাৰে হোটেল তাজ ভিভান্টাত আয়োজন কৰা হয় অসম অলিম্পিক সংস্থাৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান (Assam Olympic Associations felicitated program held at Hotel Taj Vivanta)। এই অনুষ্ঠানত নয়নমণি শইকীয়া, লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনায় অসম অলিম্পিক সংস্থাই । লগতে সম্বৰ্ধনা জনোৱা হয় যমুনা বড়ো, অংকুশিতা বড়ো, ফিলাও বসুমতাৰী, কল্পনা চৌধুৰীকে ধৰি বহুকেইজন ক্ৰীড়াবিদক ৷

আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাকে ধৰি বহু বিশিষ্ট ব্যক্তি । এই সম্বৰ্ধনা অনুষ্ঠানৰ ভাষন প্ৰসংগত সৰ্বানন্দ সোণোৱালে কয়, ‘‘ক্ৰীড়াক উজ্জীৱিত কৰাৰ বাবে আমি দায়বদ্ধ’’ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ বিশ্বতে ভাৰতে ক্ৰীড়াৰ ক্ষেত্ৰত সুকীয়া চিনাকী দিবলৈ সক্ষম হৈছে । ক্ৰীড়াৰ পৰিৱেশ এতিয়া সলনি হৈছে । ক্ৰীড়া জীৱনৰ অন্যতম সবল ভেঁটি হ'ব পাৰে ৷ ক্ৰীড়াৰ জৰিয়তে মানৱতাৰ জয়গান গাব পাৰি । এই অনুষ্ঠানটোত জনোৱাৰ বাবে বক্সাৰ লাভলীনা বৰগোঁহায়ে অলিম্পিক সন্থাক ধন্যবাদ জ্ঞাপন কৰে (Boxer Lovlina Borgohain)।

লগতে তেওঁ কয়, ‘‘এনে মৰম চেনেহে আমাক নতুন সপোন দেখাত সহায় কৰে ৷ এটা মেডেলত কেৱল মোৰ কষ্ট নাথাকে, সমগ্ৰ টীমটোৰ দ্বায়িত্ব থাকে । মই আমাৰ ইয়াৰ পৰা আৰু ল’ৰা-ছোৱালীক উলিয়াই নিয়াৰ চেষ্টা কৰিছো’’ ।

বক্সাৰগৰাকীয়ে আৰু কয়, ‘‘ ইয়াৰ ল’ৰা-ছোৱালীসকলক উলিয়াই নিবৰ বাবে লাভলীনা ফাউণ্ডেশ্যন বুলি এটী ফাউণ্ডেশ্যন আৰম্ভ কৰিম ৷ প্ৰথমে 1000 খেলুৱৈক উলিয়াই নিব পাৰো তাৰ বাবে চেষ্টা কৰিম । আপোনালোক সকলোৱে সহায় কৰিব বুলি আশা কৰিলো । অলিম্পিকৰ পিচত মই দুবাৰকৈ ব্যৰ্থ হৈছিলো, আপোনালোকে সমালোচনা কৰিছিল, মোৰ প্ৰতি থকা মৰমৰ বাবেই’’ ৷

লগতে পঢ়ক :Assam government is in debt : পুনৰ এহেজাৰ কোটি টকাৰ ঋণ ল'লে অসম চৰকাৰে

ABOUT THE AUTHOR

...view details