ঘৰ পালেহি ৰামপ্ৰসাদ-সঞ্জয় - বৰঝাৰ বিমান বন্দৰ
Published : Dec 1, 2023, 8:52 PM IST
মিৰ্জা, 1 ডিচেম্বৰ :যি ভুগিছে, তেওঁহে বুজিছে ৷ সুৰংগত আৱদ্ধ বুকুৰ আপোনজন, বাহিৰত পৰিয়ালবৰ্গৰ বৰ্ণনাহীন অৱস্থা ৷ কেনেদৰে পাৰ কৰিছিল এটা এটা দিন, সেয়া কল্পনাতীত ৷ কিন্তু অৱশেষত স্বস্তিৰ নিশ্বাস পৰিয়ালবৰ্গৰ !
উত্তৰাখণ্ডত সোতৰ দিন ধৰি সুৰংগত ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ আছিল ৪১ গৰাকী শ্ৰমিক ৷ তাৰ মাজত অসমৰো আছিল দুগৰাকী শ্ৰমিক । অৱশেষত তেওঁলোকক সুকলমে উদ্ধাৰ কৰা হয় ৷ উদ্ধাৰৰ পিচত কোকৰাঝাৰৰ ৰামপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী নামৰ অসমৰ দুই শ্ৰমিক উভতি আহি উপস্থিত হ’ল বৰঝাৰ বিমান বন্দৰত । সুৰংগত আৱদ্ধ হৈ থকা সময়ত কি দৰে সময় অতিবাহিত কৰিছিল তাৰ বিশদ বৰ্ণনা দাঙি ধৰিলে দুয়োগৰাকী শ্ৰমিকে । বিমান বন্দৰৰ পৰা পোনে পোনে স্বগৃহলৈ ৰাওনা হয় তেওঁলোক ।
লগতে পঢ়ক :ভাইৰেল ভিডিঅ', সুৰংগৰ ভিতৰত কেনেকৈ আছিল শ্ৰমিকসকল ?