অসম

assam

HS Result 2023:বাণিজ্য শাখাত পঞ্চম স্থান দখল কেছিকা জৈনৰ

By

Published : Jun 6, 2023, 5:43 PM IST

বাণিজ্য শাখাত পঞ্চম স্থান দখল কেছিকা জৈনেৰ

বৰপেটাৰোড, 6 জুন : সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত উজলিবলৈ সক্ষম হৈছে বহু মেধাবী শিক্ষাৰ্থী ৷ ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত পঞ্চম স্থান লাভেৰে বৰপেটালৈ গৌৰৱ কঢ়িয়াই আনিলে মেধাবী ছাত্ৰী কেছিকা জৈনে ৷ বৰপেটাৰোডৰ দ্ৰোণাচাৰ্য একাডেমিৰ ছাত্ৰী এই গৰাকী  ছাত্ৰী কেছিকা জৈনে ৷ জৈনে সৰ্বমুঠ ৪৬৬ নম্বৰৰ লাভ কৰি কৰিবলৈ সক্ষম হৈছে ৷ ছাত্ৰী গৰাকীৰ সাফল্যত শিক্ষানুষ্ঠানখনত শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দৰ লহৰ ৷  

বৰপেটাৰোডৰ ৫ নং ৱাৰ্ডৰ বাসিন্দা ব্যৱসায়ী বিকাশ জৈন আৰু মাতৃ ববিতা জৈনৰ কন্যা কেছিকা জৈনে ভবিষ্যতে CA হোৱাৰ আশা পুহি ৰাখিছে বুলিও সংবাদ মাধ্যত জানিবলৈ দিয়ে  ৷ কৃতী ছাত্ৰী গৰাকীয়ে নিতৌ 8-9 ঘণ্টাকৈ অধ্যয়ন কৰিছিল বুলি ব্যক্ত কৰে ৷

লগতে পঢ়ক:AHSEC Result 2023 : বাণিজ্য শাখাত দ্বিতীয় স্থান হোজাইৰ ঝিলিক শীলৰ

ABOUT THE AUTHOR

...view details