Health department written examination: ২২ জানুৱাৰীত স্বাস্থ্য বিভাগৰ লিখিত পৰীক্ষা - স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা
২২ জানুৱাৰীত অনুষ্ঠিত হ’ব স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষা(Health department 4th grade written examination) ৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ঘোষণা কৰে এই কথা(Health Minister Keshab Mahanta) ৷ তেওঁ লগতে ৰাজ্যত অনুষ্ঠিত হৈ যোৱা নিয়োগ সম্পৰ্কীয় পৰীক্ষাসমূহৰো নিযুক্তি প্ৰক্ৰিয়া শীঘ্ৰেই আৰম্ভ হোৱাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ কেইবাটাও বিভাগত সন্মিলিতভাৱে আৰু এককভাৱে খালী হৈ থকা পদসমূহ পূৰণৰ বাবে নিয়োগ পৰীক্ষা অনুষ্ঠিত হৈছিল ৷ এই নিয়োগ সম্পৰ্কীয় কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ল যদিও কেইবাটাও পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলগীয়া আছে ৷ এই ফলাফল ঘোষণা কৰাৰ পাছত শীঘ্ৰেই তেওঁলোকক নিযুক্তি দিয়া হ'ব বুলি আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST