Gohpur Tea Factory Tragedy: সুখমন মুণ্ডাৰ বাসগৃহত উপ শ্ৰম আয়ুক্ত আৰু স্বাস্থ্য পৰিদৰ্শকৰ দল - ডফলাগড় চাহ বাগিচা
বিশ্বনাথ, ১২ জুলাই: গহপুৰৰ ডফলাগড় চাহ বাগিচাৰ চাহ ফেক্টৰীৰ ড্ৰায়াৰৰ পাংখাত সোমাই সোমবাৰে সুখমন মুণ্ডা নামৰ স্থায়ী শ্ৰমিক এজন নিহত হৈছিল ৷ এই হৃদয়বিদাৰক ঘটনাৰ পিচতেই মঙলবাৰে বাগিচাখনত উপস্থিত হয় অসম চৰকাৰৰ উপ-শ্ৰম আয়ুক্ত তথা মুখ্য বাগিচা পৰিদৰ্শক কণপাই দাস আৰু শোণিতপুৰ জিলাৰ বাগিচাসমূহৰ স্বাস্থ্য পৰিদৰ্শক ডাঃ প্ৰদীপ লহকৰ । দুৰ্ঘটনা সন্দৰ্ভত শ্ৰম আয়ুক্ত কণপাই দাসে কয় যে, "কি কাৰণত সুখমন মুণ্ডাৰ ড্ৰায়াৰৰ পাংখাত সোমাই মৃত্যু হ'ব লগীয়া হ'ল তাৰ ওপৰত এক চৰকাৰী তদন্ত হ'ব ।‘‘
নিহত সুখমন মুণ্ডাৰ পত্নীক বাগিচাখনত স্থায়ী শ্ৰমিক হিচাপে নিযুক্তি দিবলৈ বাগিচা কৰ্তৃপক্ষক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ আৰু কয়, "সুখমন মুণ্ডাৰ পত্নী আৰু পুত্ৰই যাতে বাগিচাৰ নিয়ম অনুসৰি সকলো সা-সুবিধা লাভ কৰে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।" আগলৈ যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰে কণপাই দাসে। উপ শ্ৰম আয়ুক্ত আৰু স্বাস্থ্য পৰিদৰ্শকৰ দলটোৱে প্ৰয়াত সুখমন মুণ্ডাৰ ঘৰলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে।
লগতে পঢ়ক:Tragic Incident in Helem: ডফলাগড় চাহ বাগিছাত অঘটন; মেচিনৰ পাংখাত সোমাই শ্ৰমিকৰ কৰুণ মৃত্যু