অসম

assam

ঢেকীয়াখোৱা বৰনামঘৰত আশীষ ল’লে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই

By

Published : Mar 26, 2023, 10:59 PM IST

ETV Bharat / videos

Assam Governor Upper Assam visit: ঢেকীয়াখোৱা বৰনামঘৰত আশীষ ল’লে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই

টীয়ক, 26 মাৰ্চ:তিনিদিনীয়া ভ্ৰমণ সূচীৰে উজনি অসমলৈ আহিছে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া (Assam Governor Upper Assam visit)। উজনি অসমত প্ৰৱেশ কৰিয়েই যোৰাহাটস্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত অক্ষয় বন্তিৰ আশীষ গ্ৰহণ কৰে ৰাজ্যৰ ৰাজ্যপালগৰাকীয়ে (Gulab Chand Kataria visit Dhekiakhuwa Bornamghar) ৷ ইয়াৰোপৰি যোৰহাটত উপস্থিত হৈ যোৰহাটৰ কেইবাটাও স্থান পৰিভ্ৰমণ কৰে ৰাজ্যপালগৰাকীয়ে ৷ ৰাজ্যপাল কাটাৰীয়াই অক্ষয় বন্তিত তেল অৰ্পণ কৰি নেদেখাজনৰ চৰণত সেৱা লয় ৷ 

পোন প্ৰথমবাৰৰ বাবে ৰাজ্যপালগৰাকী বৰনামঘৰত উপস্থিত হোৱাৰ লগে লগে বৰনামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত তথা সমূহ ঢেকীয়াখোৱাবাসীৰ সহযোগত এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷ ইপিনে গুৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা বৰনামঘৰলৈ আহি ৰাজ্যপালগৰাকী অভিভূত হৈ পৰে আৰু পৰিয়ালৰ সহিতে পুনৰ ঢেকীয়াখোৱালৈ অহাৰ ইচ্ছা প্ৰকাশ কৰে। 

লগতে ঈশ্বৰৰ আশীৰ্বাদ লৈ ৰাজ্যখনক উন্নয়নৰ দিশে লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্ণোদ্যমে চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ৰাজ্যপালগৰাকীয়ে (Assam Governor Gulab Chand Kataria)। উক্ত অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, জিলা আৰক্ষী অধীক্ষক মোহনলাল মিনাকে প্ৰমুখ্যে জিলাখনৰ কেইবাগৰাকী প্ৰসাশনিক বিষয়া উপস্থিত থাকি ৰাজ্যপালগৰাকীক সহযোগিতা আগবঢ়ায়।

লগতে পঢ়ক:Cultural Festival observed: ডিব্ৰুগড়ত সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ

ABOUT THE AUTHOR

...view details