মটৰ চাইকেলেৰে ৬৭ খন দেশ ভ্ৰমণ কৰিব গুৱাহাটীৰ মীনাক্ষী দাসে - Lady Bike rider Guwahati
Published : Dec 10, 2023, 7:23 PM IST
গুৱাহাটী, 10 ডিচেম্বৰ : অসমৰ এগৰাকী যুৱতী ওলাইছে বিশ্বৰ 67 খন দেশৰ ভ্ৰমণৰ বাবে ৷ তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যে, যুৱতীগৰাকীয়ে মটৰ চাইকেলেৰে ভ্ৰমণ কৰিব 67 খন দেশ ৷ গুৱাহাটীৰ মীনাক্ষী দাস নামৰ যুৱতীগৰাকীয়ে কৰিবলগীয়া যাত্ৰ 17 ডিচেম্বৰত আৰম্ভ কৰিব ৷
ইটিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত মীনাক্ষী দাসে জানিবলৈ দিয়ে যে 11 মাহত প্ৰায় 77 হাজাৰ কিল’মিটাৰ ভ্ৰমণ কৰিব তেওঁ ৷ উল্লেখ্য যে, যুৱতীগৰাকীয়ে ইউৰোপ, মধ্য এছিয়াৰ বিভিন্ন ঠাইৰ লগতে দক্ষিণ-পূব এছিয়াৰ প্ৰায় সকলো দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰিব ৷ উল্লেখ্য যে, সমগ্ৰ ভ্ৰমণকালত যুৱতীগৰাকীৰ প্ৰায় 54 লাখ টকা খৰচ হ’ব ৷
তেওঁ জানিবলৈ দিয়া অনুসৰি কিছু আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে যদিও এই দুঃসাহসিক পৰিকল্পনা কৰিছে ৷ উল্লেখ্য যে, মীনাক্ষী দাসে ইতিমধ্যে নেপাল-ভূটান আদি বিভিন্ন দেশ মটৰ চাইকেলেৰে ভ্ৰমণ কৰিছে ।
লগতে পঢ়ক : চাইকেলেৰে দেশৰ দ্বাদশ জ্যোতিৰ্লিংগ ভ্ৰমণ কৰি ঘৰলৈ উভতিল নগাঁৱৰ বিবেক