অসম

assam

বাঁহ-বেতৰ শিল্পী মানেন্দ্ৰ ডেকা

ETV Bharat / videos

বৰপেটাৰ বাঁহ-বেতৰ শিল্পী মানেন্দ্ৰ ডেকালৈ অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বঁটা

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:59 PM IST

বৰপেটা, ১৭ জানুৱাৰী :ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ঘোষণা । ঘোষণা হ’ল ‘অসম গৌৰৱ’ বঁটা প্ৰাপকৰ নাম । বৰপেটাৰ বাঁহ-বেতৰ শিল্পী মানেন্দ্ৰ ডেকালৈ অসম চৰকাৰৰ ‘অসম গৌৰৱ’ বঁটা ৷ ১৯৮০ চনৰ পৰা বাঁহ-বেতৰ শিল্পৰ লগত জড়িত হৈ ইতিমধ্যে ৰাষ্ট্ৰপতিৰ পৰাও বঁটা লাভ কৰিছে মানেন্দ্ৰ ডেকাই ৷ ১৯৯১ চনত বাঁহ-বেতেৰে চাইকেল তৈয়াৰ কৰি ৰাষ্ট্ৰীয় যোগ্যতাৰ প্ৰমাণ পত্ৰ পাবলৈ সক্ষম হোৱা মানেন্দ্ৰ ডেকাই ১৯৯৮ চনত ৰাষ্ট্ৰীয় বঁটা পাবলৈ সক্ষম হৈছিল ৷

অসমৰ বাহিৰত আদৰ থকা বাঁহ-বেতৰ শিল্পকলাৰ মাজতেই থাকিবলৈ ইচ্ছা কৰা মানেন্দ্ৰ ডেকাই ইতিমধ্যে চৰকাৰীভাৱে তথা নিজাববীয়াকৈ উদ্যোগ লৈ কেবাবাৰো উচ্চ পৰ্যায়ৰ বাঁহ-বেতৰ প্ৰশিক্ষণ দি নিবনুৱা যুৱক-যুৱতীক আত্মসংস্থাপনৰ এক নিদৰ্শন দেখুৱাই দিছে ৷ ইয়াৰ উপৰিও তেওঁ বাঁহ-বেতৰ শিল্প কলাৰ জৰিয়তে দেশৰ ভিন্ন প্ৰান্তৰ লগতে আমেৰিকাৰ চিকাগো, কানাডা, ফিলিপাইন, স্পেইন, বেলজিয়াম, চীন, ইজিপ্ত, দক্ষিণ আফ্ৰিকাতো ভূয়সী প্ৰংশক্ষা বুটলিবলৈ সক্ষম হৈছে ৷ ৰাজ্য চৰকাৰে অসম গৌৰৱ বঁটাৰ বাবে তেওঁৰ নাম ঘোষণা কৰাৰ পিচত শিল্পীগৰাকী উৎফুলিত হৈ পৰিছে ৷

লগতে পঢ়ক :ধেমাজিৰ জেচিন কুম্বাং পাৱলৈ অসম গৌৰৱ বঁটা

ABOUT THE AUTHOR

...view details