Assam Police Arrests Gujarat MLA : জিগনেশ মেৱানীক আইনী সাহাৰ্য আগবঢ়াব অসম কংগ্ৰেছে - গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ
এটা টুইটৰ গোচৰত গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীক গ্ৰেপ্তাৰ কৰা প্ৰসংগত সংবাদ মেলৰ আয়োজন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে (MLA Jignesh Mevani arrested by Assam Police) । নগাঁৱত চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে সংবাদমেল আয়োজন কৰি গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা দিয়ে । অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিধায়কগৰাকীক বিনাচৰ্তে মুক্তি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে । নগাঁও ৰাজীৱ ভৱনত জিলা সভাপতি সুৰেশ বৰাক লগত লৈ আয়োজন কৰা সংবাদমেলৰ জৰিয়তে গুজৰাটৰ বিধায়কক গ্ৰেপ্তাৰ কৰাৰ বাবে অসম চৰকাৰক সমালোচনা কৰে ৰকিবুল হুছেইনে ।
Last Updated : Feb 3, 2023, 8:22 PM IST