Elephant export from Assam : অসমৰ পৰা বহিঃৰাজ্যলৈ হাতী নিবৰ বাবে প্ৰস্তুতি - অসমৰ এটা হাতী কেৰালা লৈ নিবলৈ প্ৰস্তুতি
চামগুৰি, 26 ফেব্ৰুৱাৰী :আপোনাৰ বাৰু মনত আছেনে জয়মালাৰ কথা ? আমি অসমৰ সেই জয়মালা নামৰ হাতীটোৰ কথা কৈছো যিটো আজিও তামিলনাডুৰৰ এটা মন্দিৰত আছে (Assam elephant Joymala) ৷ কিছু মাহ পূৰ্বে জয়মালাই তামিলনাডুত মাউতৰ অত্যাচাৰৰ বলি হৈ সঘনে বাতৰিৰ শিৰোনামা দখল কৰিছিল ৷
এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পাচতে বিভিন্ন মহলে ব্যক্ত কৰিছিল নিজৰ প্ৰতিক্ৰিয়া ৷ আনকি তামিলনাডুৰ পৰা জয়মালাক ঘূৰাই আনিবলৈয়ো প্ৰস্তুতি চলোৱা হৈছিল ৷ কিন্তু বিভিন্ন কাৰণবশত আজিও জয়মালা থাকিব লগা হৈছে তামিলনাডুতে (Assam elephant Joymala in Trouble) ৷ জয়মালাৰ পিচত এইবাৰ আকৌ অসমৰ আন এটা হাতী দ্বিতীয় জয়মালা হ’বলৈ গৈ আছে ৷
লগতে পঢ়ক : বহিঃৰাজ্যত জয়মালাৰ চিৎকাৰৰ পাছতে পোহৰলৈ আহিছে বহু তথ্য
তথ্য অনুসৰি, পুনৰ অসমৰ এটা হাতী কেৰালালৈ নিবলৈ প্ৰস্তুতি চলাইছে হাতীৰ গৰাকীয়ে (Elephant export from Assam) । বোকাখাতৰ এই হাতীটো বৰ্তমান বাহৰ পাতিছেহি নগাঁৱৰ ৰূপহীত ৷ দুই-এদিনৰ ভিতৰতে এই হাতীটোক ৰূপহীৰ পৰা কেৰালালৈ প্ৰেৰণ কৰা হ’ব (Assam Elephant export to Kerala) ৷ কওঁ-নকওঁকৈ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে হাতী ৰখীয়া মুছতাফা হুছেইনে ৷
হাতী ৰখীয়া মুছতাফা হুছেইনে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা অনুসৰি, নগাঁৱৰ ৰূপহীৰ পৰা ৰৌমাৰীৰ ছৰিফুলৰ নেতৃত্বততে ছৰিফুল দত্ত নামৰ হাতীৰ গৰাকীয়ে পঞ্চাশ লাখ টকাৰ বিনিময়ত হাতীটো বিক্ৰী কৰি উক্ত হাতীটো কেৰালালৈ নিবলৈ প্ৰস্তুতি চলাই থকা হৈছে ৷ দিনৰ ভাগৰ পৰিৱৰ্তে নিশা ভাগতহে এঠাইৰ পৰা আনঠাইলৈ নিয়া হৈছে হাতীটো ৷ ইতিমধ্যে কেৰালাৰ পৰা হাতীটো নিবৰ বাবে অসমত উপস্থিত হৈছে 10 জনীয়া এটা দল ।
উল্লেখ্য যে, এই বাতৰি পোহৰলৈ অহাৰ পাচত অসম চৰকাৰ তথা প্ৰকৃতিপ্ৰেমীয়ে কি স্থিতি গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয় ৷ অসমৰ এই হাতীটোৰ লগত যাতে পুনৰ জয়মালাৰ কাণ্ড সংঘটিত হ’ব নোৱাৰে তাৰবাবে ব্যৱস্থা ল’বনে অসম চৰকাৰ তথা প্ৰকৃতিপ্ৰেমীয়ে ?