ৰঙিয়াৰ পৰীক্ষা কেন্দ্ৰত আৰক্ষী সঞ্চালক প্ৰধান - Assam 3rd and 4th grade job recruitment
ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা (Assam Direct Recruitment 2022)। নিযুক্তি পৰীক্ষাত যাতে কোনো ধৰণৰ খেলিমেলিৰ সৃষ্টি নহয় তাৰ বাবে এইবাৰ অসম আৰক্ষী আৰু প্ৰশাসন অধিক কঠোৰ হৈছে । আনকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও এইক্ষেত্ৰত কঠোৰ হ'বলৈ নিৰ্দেশনা জাৰি কৰিছে । দেওবাৰে নিযুক্তি পৰীক্ষা চলি থকাৰ মাজতে ৰঙিয়া ফাতিমা কনভেণ্টত উপস্থিত হয় আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (Assam DGP visits exam center at Rangia)। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে এই নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা যাতে কোনো ধৰণৰ ত্ৰুটি ৰৈ নাযায় তাৰ বাবে আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । সংবাদ মাধ্যমৰ আগত তেওঁ মন্তব্য কৰি কয় যে পৰীক্ষাৰ যি SOP আছে সেই মতে সকলো কাম চলি আছে । তেওঁৰ লগত ৰঙিয়াত উপস্থিত কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, কামৰূপ জিলা আৰক্ষী অধীক্ষক হিতেশ ৰয় ।
Last Updated : Feb 3, 2023, 8:27 PM IST