অসম

assam

Constituency Delimitation

ETV Bharat / videos

Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া জাতিক সুৰক্ষিত নকৰে - AGP

By

Published : Jun 21, 2023, 10:51 PM IST

ডিব্ৰুগড়,21 জুন:সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ নিৰ্বাচন আয়োগে প্ৰথমখন খচৰা প্ৰকাশৰ পিচতে ৰাজ্যৰ কেইবাটাও বিধানসভা সমষ্টি বিলুপ্তি ঘটা লগে লগে আন কিছু সমষ্টি নতুনকৈ গঠন হোৱা পৰিলক্ষিত হৈছে । কেইবাজনো বিধায়কৰ ৰাজনৈতিক ভৱিষ্যত অনিশ্চয়তাৰ মাজত সোমাই পৰা সমান্তৰাল ভাৱে কিছু সমষ্টি নোহোৱা বিষয়টোক সহজে মানি ল'ব পৰা নাই সমষ্টিৰ ৰাইজে ।

সমষ্টি পুনৰ ৰ্নিধাৰণক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমগ্ৰ প্ৰক্ৰিয়াটোক বিৰোধিতা কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। ‘সমষ্টি পুনৰ নিৰ্ধাৰণে অসমীয়া জাতিক সুৰক্ষিত নকৰে ৷ কেইটামান বছৰৰ কাৰণে ৰাজনৈতিক ভাবে সুৰক্ষিত হ’ব শাসনাধিষ্ঠ ৰাজনৈতিক দল ৷ ৰাজনৈতিক দল ৰাজনৈতিক ভাবে সুৰক্ষিত মানে জাতি সুৰক্ষিত নহয় ৷’ এই মন্তব্য অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাইৰ । 

লগতে পঢ়ক:Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণ ফলত কোন কোন মন্ত্ৰী-বিধায়ক হ’ব সমষ্টিবিহীন ?

ABOUT THE AUTHOR

...view details