অসম

assam

জাতীয় পতাকাক অৱহেলা নকৰিবলৈ ৰাইজক অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

By

Published : Aug 15, 2022, 12:19 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

দেশজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ভাৰতৰ ৭৬ সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India)৷ স্বাধীনতা দিৱসৰ দিনটোত পুৱাই মহানগৰীৰ শ্রদ্ধাঞ্জনি কাননত থকা ত্যাগ আৰু দেশপ্ৰেমৰ চানেকিৰে দীপ্তিমান অমৰ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM pays tribute to martyrs) ৷ ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজক বিশেষ আহ্বান জনায় । স্বাধীনতা দিৱস উপলক্ষে ৰাইজে যি ধৰণে জাতীয় পতাকা ব্যৱহাৰ কৰিছে যাতে এই পতাকাসমূহক পৰৱৰ্তী সময়ত অৱহেলা কৰা নহয় তাৰ প্ৰতি ৰাইজক অনুৰোধ জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে (Assam CM appeals to people not to insult national flag)। এই ক্ষেত্ৰত ৰাজ্যৰ প্ৰতিটো সমাজ সেৱী অনুষ্ঠান এনজিঅ', পৌৰ নিগম, জিএমডিএ, পৌৰ সভা, গাঁও পঞ্চায়তৰ কৰ্মকৰ্তাসকলক দৃষ্টি ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লৈ কয় যে পৰম্পৰা অনুসৰি স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া সকলক তেওঁ স্মৰণ কৰিছে । আনহাতে যোৱা ১৩ আগষ্টৰ পৰা আৰম্ভ হোৱা ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীক সফল ৰূপ দিয়াত সহায় কৰাৰ বাবে অসমৰ ৰাইজক ধন্যবাদো জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । কিন্তু কাইলৈৰ পৰা কোনো লোকেই যাতে জাতীয় পতাকাক অপমান নকৰে আৰু সকলোৱে যাতে পতাকাখন ঘৰত ভালদৰে ৰাখে তাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details