অসম

assam

GI টেগৰ প্ৰমাণ পত্ৰ

ETV Bharat / videos

GI tag to Gamocha: মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিলে গামোচাক প্ৰদান কৰা GI টেগৰ প্ৰমাণ পত্ৰ - Gamusa GI tag

By

Published : Apr 13, 2023, 10:28 PM IST

Updated : Apr 13, 2023, 10:43 PM IST

গুৱাহাটী, 12 এপ্ৰিল : ৰঙালী বিহুৰ প্ৰাকক্ষণতেই মুখ্যমন্ত্ৰীৰ হাতত পৰিলহি গামোচাই লাভ কৰা GI টেগৰ প্ৰমাণ পত্ৰ ৷ পেটেণ্ট, ডিজাইন আৰু ট্ৰেডমাৰ্ক, উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্যৰ প্ৰসাৰ বিভাগৰ মহানিয়ন্ত্ৰক অধ্যাপক উন্নত পণ্ডিতে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে অসম চৰকাৰক প্ৰদান কৰে এই প্ৰমাণ পত্ৰ । সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত বিহু গীত নৃত্যৰ অভিলেখ সৃষ্টি কৰাৰ অনুষ্ঠানৰ প্ৰাকক্ষণত এই প্ৰমাণ পত্ৰ আনুষ্ঠানিকভাবে প্ৰদান কৰা হয় (certificate of GI tag) ।

অনুষ্ঠানত ভাষণ দি অধ্যাপক উন্নত পণ্ডিতে কয়, ‘‘আজি আমাৰ বাবে গৌৰৱৰ দিন । অসমৰ গামোচা অসমৰ সাংস্কৃতিক পৰিচয় । গামোচা অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ আৱেগ । অসমৰ গামোচাই GI টেগৰ মান্যতা পোৱাটো অতি গৌৰৱৰ কথা’’ (Assam CM received certificate of GI tag) । 

তেওঁ লগতে কয় যে, বিহু অসমৰ সংস্কৃতি । বিহুৰ এক বিশেষ মহত্ব আছে । উল্লেখযোগ্য যে অসম কৃষি বিশ্ববিদ্যালয়ে উত্থাপন কৰিছিল গামোচাক GI টেগ প্ৰদানৰ বিষয়টো । তাৰ পিছতে ৰাজ্য চৰকাৰে বিষয়টো আগবঢ়াই নিছিল আৰু অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ আৱেগ গামোচাই বিগত বছৰ ডিচেম্বৰত লাভ কৰিছিল GI টেগ (Gamusa GI tag) । 

লগতে পঢ়ক :Bihu programme in Assam: এইবাৰ জেঠত বিহু অনুষ্ঠান পতাৰ অনুমতি নিদিয়ে প্ৰশাসনে; ব’হাগতেই শেষ

Last Updated : Apr 13, 2023, 10:43 PM IST

ABOUT THE AUTHOR

...view details