বদলা পদ্ম আতাৰ জন্মোৎসৱৰ কাৰ্যসূচী মুকলি মুখ্যমন্ত্ৰীৰ - Birth anniversary of Badala Padma Ata observes at Majuli
মাজুলীৰ কমলাকান্ত আতা ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজিত বদলা পদ্ম আতাৰ ৪৭৬ সংখ্যক জন্মজয়ন্তী মহোৎসৱৰ কাৰ্যসূচীৰ বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে(476 birth anniversary of Badula Padma Ata observed at Majuli) ৷ মুখ্যমন্ত্ৰীয়ে সত্ৰৰ কীৰ্তন ঘৰৰ দ্বাৰ মুকলি কৰাৰ লগতে আশীষ লয় ৷ জন্মজয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি সত্ৰৰ চৌহদত অনুষ্ঠিত কৰা প্ৰদৰ্শনীও মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে ৷ মূখ্যমন্ত্ৰীৰ এই কাৰ্যসূচীত সংগ দিয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী(Assam Legislative Assembly Speaker Biswajit Daimary) আৰু ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা(Rajya Sabha MP Pabitra Margherita)ই ৷ মহোৎসৱত ৰাজ্যৰ বাহিৰেও উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন কলা-সংস্কৃতি প্ৰদৰ্শিত হ'ব ৷
Last Updated : Feb 3, 2023, 8:23 PM IST