অসম

assam

ETV Bharat / videos

GST লগোৱা চাউল, দৈ পালেই জনাবলৈ ক’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই - GST on packed curd

By

Published : Aug 13, 2022, 5:23 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

বিনামূলীয়া চাউল দেখিছো; কিন্তু জি এছ টি লগোৱা চাউল মই দেখা নাই (GST on rice)। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma on GST)। জি এছ টিৰ প্ৰসংগত শনিবাৰে জনতা ভৱনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয় । তেওঁ সাংবাদিকক উদ্দেশি কয় যে আপোনালোকে যদি বজাৰত জি এছ টি লগোৱা চাউল পায় মোক জনাব । তেওঁ লগতে কয় যে এইকেইদিন বহুত কিবাকিবা ওলাই আছে । দৈৰ ক্ষেত্ৰতো জি এছ টি লগাৰ কথা ওলাইছে যদিও দৈৰ ক্ষেত্ৰত জি এছ টি লগোৱা দেখা নাই (GST on packed curd)। চাউলৰ ক্ষেত্ৰতো কোনো লোককে জি এছ টি দিয়া দেখা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে বিনামূলীয়া চাউল দেখিছো; কিন্তু জি এছ টি লগোৱা চাউল বিচাৰি পোৱা নাই । বৰং তেওঁ সাংবাদিকক তেনে চাউল বজাৰত পালে জনাবলৈ কয় ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details