অসম

assam

টীয়কৰ লাচিত মৈদাম প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে

ETV Bharat / videos

Assam CM HBS Visit at Teok: টীয়কৰ লাচিত মৈদাম প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰীয়ে - টীয়কৰ লাচিত মৈদাম

By

Published : Jul 10, 2023, 7:19 PM IST

টীয়ক,10 জুলাই: সোমবাৰে টীয়কত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । টীয়কৰ লাচিত মৈদাম প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ললে মুখ্যমন্ত্ৰী শৰ্মাই । টীয়কৰ লাচিত মৈদামত বীৰ লাচিত বৰফুনৰ প্ৰতিমূৰ্তি স্থাপন হ’বলগীয়া ঠাই পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে  ৷ আনহাতে সমগ্ৰ প্ৰকল্পৰ প্ৰায় ১২ শতাংশ কামৰ অগ্ৰগতি হৈছে আৰু ২০২৪ চনৰ জানুৱাৰীৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ৷ ইপিনে উক্ত প্ৰকল্পস্থলীত এখন ইনড’ৰ ষ্টেডিয়াম আৰু টীয়ক এফ আৰ ইউখন উন্নীতকৰণৰ ব্যৱস্থাও কৰা হ’ব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ 

১৪৯.৮২ কোটি টকা ব্যয়েৰে ১৫০ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন হ’ব লাচিত মৈদামত। আনহাতে উজনিৰ চাৰিলেনযুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয় কয় ‘‘অতি কম দিনৰ ভিতৰতে মই পুনৰ টীয়কলৈ আহি সকলো বিসংগতি পৰীক্ষা কৰিম ৷ যাতে অনতি পলমে ৰাইজৰ যাতায়ত সুচলৰ ব্যৱস্থা কৰিব পাৰো ৷’’ 

লগতে পঢ়ক:Flood in Teok: কাকজান নদীৰ বাঢ়নী পানীয়ে বুৰালে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ

ABOUT THE AUTHOR

...view details