অসম

assam

আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব জাগীৰোড মৰিগাঁও সংযোগী পথত থকা উৰণ সেঁতু

ETV Bharat / videos

আজি মুখ্যমন্ত্ৰীয়ে ৰাইজৰ বাবে মুকলি কৰিব জাগীৰোড-মৰিগাঁও সংযোগী পথত থকা উৰণ সেতু - Jagiroad Morigaon link road

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 12:51 PM IST

Updated : Dec 24, 2023, 3:21 PM IST

মৰিগাঁও, 24 ডিচেম্বৰ :কেইবাখনো উন্নয়নমূলক আঁচনি উদ্বোধন কৰিবলৈ দেওবাৰে জাগীৰোডত উপস্থিত হ’ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আজি জাগীৰোড-মৰিগাঁও সংযোগী পথৰ ৰে’লৱে ক্ৰচিঙত নিৰ্মাণ কৰা বহু প্ৰত্যাশিত উৰণ সেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ৷ একেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোডত নিৰ্মাণ কৰা সাতশ আসনযুক্ত শীততাপ নিয়ন্ত্ৰিত এটা প্ৰেক্ষাগৃহ, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ নৱ-নিৰ্মিত কাৰ্যালয়, লোক নিৰ্মাণ বিভাগৰ নৱ-নিৰ্মিত অতিথিশালাৰ লগতে পালিগুৰিৰ ডেৰ কিলোমিটাৰ দৈৰ্ঘৰ চাইকেল ট্ৰেক উদ্বোধন কৰিব মুখ্যমন্ত্ৰী শৰ্মাই ৷

মুখ্যমন্ত্ৰীক আদৰিবলৈ ইতিমধ্যে সাজু হৈছে জাগীৰোডবাসী ৷ উল্লেখ্য যে, মৰিগাঁও জিলাৰ প্ৰায় 11 লাখ জনসাধাৰণৰ বাবে আজি দিনটো গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । প্ৰায় সাত শ মিটাৰ দৈঘ্যৰ উক্ত দলঙখন 85.96 কোটি ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ।

লগতে পঢ়ক :  আইন উলংঘাকাৰী চালকৰ বিৰুদ্ধে নিশা মৰিগাঁৱত অভিযান

Last Updated : Dec 24, 2023, 3:21 PM IST

ABOUT THE AUTHOR

...view details