অসম

assam

আপোন পাহৰা এজাক কেওলীয়া ভকত

By ETV Bharat Assamese Team

Published : Oct 19, 2023, 3:00 PM IST

Updated : Oct 19, 2023, 6:11 PM IST

ETV Bharat / videos

Titabor Kamalabari Satra: ৰেঞ্জাৰ চাইকেল পাই আপোন পাহৰা এজাক কেৱলীয়া ভকত

তিতাবৰ, 19 অক্টোবৰ :বিগত 12 অক্টোবৰত তিতাবৰ মহিমাবাৰীস্থিত শ্ৰীশ্ৰী কমলাবাৰী সত্ৰ পৰিদৰ্শন কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সত্ৰখনৰ অভাৱ, সমস্যা আদিকে ধৰি প্ৰায় প্ৰতিটো বিষয় পুংখানুপুংখভাৱে বুজ লৈ প্ৰায় ২ ঘণ্টাৰো অধিক সময় অতিবাহিত কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে । ঘোষণা কৰিছিল সত্ৰৰ উন্নয়ন আৰু সংস্কৃতি ৰক্ষাৰ কেতবোৰ কথা । মুখ্যমন্ত্ৰীক দেখি উৎফুল্লিত হৈ পৰিছিল তিতাবৰৰ শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ এজাক কেৱলীয়া ভকত ।

সত্ৰখনৰ আবাসী কণ-কণ কেৱলীয়া ভকতে মামাক আগুৰি ধৰিছিল । মুখ্যমন্ত্ৰীৰ লগত বহুত কথা পাতিছিল । মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰীয়ে কেৱলীয়া ভকতক কি লাগিব বুলি প্ৰশ্ন কৰিছিল । কেৱলীয়া ভকত মলয় আৰু দেৱজিতে তপৰাই উত্তৰ দিছিল, ‘আমাক ৰেঞ্জাৰ চাইকেল লাগিব’ । লগে-লগে সত্ৰৰ কণমানি কেৱলীয়া ভকতক ৰেঞ্জাৰ চাইকেল দিয়াৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে । সেইমতেই মাত্ৰ এটা দিনৰ পিছতে অৰ্থাৎ ১৪ অক্টোবৰৰ দিনা মুঠ ১২ জনকৈ কেৱলীয়া ভকতলৈ আগবঢ়ালে একোখনকৈ ৰঙা-নীলা ৰেঞ্জাৰ চাইকেল । এতিয়া ৰেঞ্জাৰ চাইকেল চলাই গোটেই কেইজন কেৱলীয়া ভকতে নিতৌ অহা-যোৱা কৰিছে নিজা-নিজা শিক্ষানুষ্ঠানলৈ, সংগীৰ ঘৰলৈ । আনন্দৰ যেন সীমা নাই তেওঁলোকৰ মাজত । এই আপাহতে ভাগিনহঁতৰ লগতে শ্ৰীশ্ৰী কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়াভকতেও মুখ্যমন্ত্ৰীক ধন্যবাদ, কৃতজ্ঞতা আৰু আশীৰ্বাদেৰে উপচাই পেলালে ।

লগতে পঢ়ক :Coal mining affects paddy field: কৃষিৰ মাটিডৰালৈ চাই চকুলো বয় কৃষকৰ

Last Updated : Oct 19, 2023, 6:11 PM IST

ABOUT THE AUTHOR

...view details