অসম

assam

By

Published : Aug 26, 2022, 9:31 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ETV Bharat / videos

সংখ্যালঘু এলেকাৰ শিক্ষাৰ্থীৰ ওপৰতে চলি আছে অসমীয়া মাধ্যমৰ স্কুল

নতুনত্ব নানিলে মাতৃভাষাৰ বিদ্যালয়সমূহ বন্ধ হৈ যাব । এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । শিক্ষাৰ সংস্কাৰৰ নামত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা শেহতীয়া পদক্ষেপক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক সন্দৰ্ভত শুকুৰবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া (Assam CM comment regarding govt schools) । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, জেদাজেদি কৰিলে এইটোৱেই লাভ হ’ব যে পাঁচ বছৰ পাছত বিদ্যালয়সমূহত কোনো শিক্ষাৰ্থী নাথাকিব (Process of closure of government schools starts) । এতিয়া উজনিৰ স্কুলসমূহত শিক্ষাৰ্থী নোহোৱাই হ’ল । অসমৰ সংখ্যালঘু এলেকাৰ শিক্ষাৰ্থীৰ ওপৰতে অসমীয়া স্কুলবোৰ চলি আছে । শিক্ষাৰ্থীৰ সংখ্যা কমি যোৱা সন্দৰ্ভত তেওঁ কয় যে, মানুহৰ আশা-আকাংক্ষা বৃদ্ধি পাইছে । সকলোৱে নিজৰ সন্তান ক’ত পঢ়িলে ডাক্তৰ-ইঞ্জিনিয়াৰ হ’ব তাক লৈ চিন্তা কৰে ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details