Jongal Balahu Divas: প্ৰতি বছৰে চৰকাৰে স্মৰণ কৰিব তিৱা ৰজা জোঙাল বলহুক - Jongal Balahu Divas
আজি জোঙাল বলহু দিৱস (Jongal Balahu Divas 2023)। তিৱা বীৰ তথা এসময়ৰ ৰজা জোঙাল বলহুৰ স্মৃতিত তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত ৰাজভেটি ৰহাৰ জোঙাল বলহু গড়ত এদিনীয়াকৈ উদযাপন কৰা হয় জোঙাল বলহু দিৱসৰ । জোঙাল বলহু দিৱসৰ মুকলি সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পৰিমল শুক্লবৈদ্য, কেশৱ মহন্তকে ধৰি কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে অংশগ্ৰহণ কৰে (Assam CM at Jonagal Balahu divas)। এই কাৰ্যসূচীতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া জোঙাল বলহু গড় আধুনিক পৰ্যটন ক্ষেত্ৰৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । এই প্ৰকল্পৰ অধীনত উক্ত স্থানত তিৱা যাদুঘৰ, ডেকাচাং , ওলমা দলং, অতিথিশালা আদি নিৰ্মাণ কৰা হ'ব (Jonagal Balahu development project)। উক্ত গড়টো পৰ্যটন কেন্দ্ৰলৈ ৰূপান্তৰিত হ'ব বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে প্ৰতিবছৰে চৰকাৰে তিৱা ৰজা জোঙাল বলহুৰ স্মৃতিত অনুষ্ঠানৰ আয়োজন কৰিব । ইফালে অসমৰ চাৰিখনকৈ জিলা বিলুপ্তিকৰণ সন্দৰ্ভত চৰকাৰৰ সিদ্ধান্তক বিভিন্ন দল-সংগঠনে সমালোচনা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে জিলা স্থাপনৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো ভূমিকা নাই ।
Last Updated : Feb 3, 2023, 8:38 PM IST