Assam CM on Gandhi family : ভাৰত-পাক মেচ সন্দৰ্ভত গান্ধী পৰিয়ালক আক্ৰমণ মুুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - Assam Cm slams gandhi family
Published : Oct 18, 2023, 9:31 AM IST
গুৱাহাটী, 18 অক্টোবৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু তেওঁৰ পৰিয়ালৰ প্ৰতি সমালোচনাত সৰৱ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মঙ্গলবাৰে গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধীৰ দেশৰ ৰাজনীতিৰ বিষয়ে কোনো জ্ঞান নাই । BCCIক ৰাহুল গান্ধীয়ে বিজেপি বুলি ভাবিছে ।
গান্ধী পৰিয়ালক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কি ৰাহুল গান্ধীক ভালকৈ জানিবলৈ পৰামৰ্শ আগবঢ়ায় । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পুত্ৰ বিধায়ক কিন্তু প্ৰিয়ংকা গান্ধীৰ লগত মিল আছে নেকি বুলি মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন উত্থাপন কৰে । মুখ্যমন্ত্ৰীয়ে লগতে গান্ধী পৰিয়ালৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি পাকিস্তানৰ বিৰুদ্ধে ইণ্ডিয়া জয়ী হ’লে গান্ধী পৰিয়ালৰ বাদে সকলো সুখী হয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ।
পাকিস্তানৰ বিৰুদ্ধে ইণ্ডিয়া জয়ী হোৱাৰ পিছত গান্ধী পৰিয়ালে এটাও টুইট কৰা নাই বুলি উল্লেখ কৰি পাকিস্তানৰ বিৰুদ্ধে ইণ্ডিয়া জয়ী হ’লে সেয়া বি জে পিৰ জয় নহয় বুলি কয় ।
লগতে পঢ়ক:Loksabha election 2024: নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কিয় BPF ক কাষত বিচাৰিলে মুখ্যমন্ত্ৰীয়ে !