অসম

assam

আছুৰ প্ৰতিবাদ

ETV Bharat / videos

AASU Protest in Tinsukia : অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধৰ বিৰুদ্ধে তিনিচুকীয়াত আছুৰ উত্তাল প্ৰতিবাদ - অসমীয়া মাধ্যম

By ETV Bharat Assamese Team

Published : Sep 27, 2023, 5:41 PM IST

তিনিচুকীয়া, ২৭ ছেপ্টেম্বৰ : অসমৰ শিক্ষা বিভাগে শেহতীয়াকৈ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ‌কম হোৱাৰ‌ অজুহাত দেখুৱাই বিদ্যালয় একত্ৰীকৰণৰ নামত হাজাৰ‌ হাজাৰ বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যৰ এই হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰি দিয়াৰ বাবে চৰকাৰে যি সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা ৷  

অসম চৰকাৰে অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ প্ৰতিবাদত তিনিচুকীয়াত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ ৷ তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখৰ পৰা আছু কৰ্মীসকলে বাহিৰ কৰে এক বিক্ষোভ সমদল ৷ ইয়াৰ পাচতে থানা চাৰিআলিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ 

এই প্ৰতিবাদস্থলীৰ পৰাই তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই জিলাখনৰ 221 অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে ৷ অন্যথা ইয়াতকৈ তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷

লগতে পঢ়ক :Karam Festival Celebration: ডুমডুমাৰ কৰমৰ থলীত ঝুমুৰ জুৰিলে মন্ত্ৰী সঞ্জয় কিষাণে

ABOUT THE AUTHOR

...view details