অসম

assam

ETV Bharat / videos

Constituency Delimitation : সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগত বিধায়কক অভয়বাণী ভৱেশ কলিতাৰ

By

Published : Dec 22, 2022, 9:42 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

কোনো বিধায়ক শংকিত হোৱাৰ প্ৰয়োজন নাই ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ হ’লেও সমষ্টিটোৰ কোনো হানি-বিঘিনি নহয় ৷ সমষ্টিৰ নাম সলনি হ’ব পাৰে, কিন্তু ভোটাৰ একেখিনিয়েই থাকিব (Constituency Delimitation in Assam)৷ কোনো কাৰণতে জিলা পাৰ হৈ নাযায় নতুনকৈ নিৰ্ধাৰণ কৰা সমষ্টিয়ে ৷ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ (Assam BJP president)৷ তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া 2001 চনতে আৰম্ভ হৈছিল আৰু 2007 চনত কাৰ্যকৰী কৰা হৈছিল ৷ কিন্তু আইন-শৃংখলাজনিত কাৰণ দেখুৱাই অসম, জম্মু-কাশ্মীৰ আৰু মণিপুৰত স্থগিত ৰখা হৈছিল ৷ কিন্তু এতিয়া পৰিৱেশ সুস্থিৰ হোৱা বাবেই পুনৰ বিষয়টোৰ সন্দৰ্ভত আগবঢ়া বুলি উল্লেখ কৰে ভৱেশ কলিতাই (MLA Bhabesh Kalita)৷
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details