অসম

assam

বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত

ETV Bharat / videos

ASP Subhalakshmi Dutta case :ৰঙাঘৰৰ আলহী হ'ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত - Nazira Sub Divisional Judicial Magistrate

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:42 PM IST

শিৱসাগৰ, ১২ছেপ্টেম্বৰঃ অৱশেষত ৰঙাঘৰৰ আলহী হ'ল বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত । তিনিদিনৰ আৰক্ষী জিম্মাত থকাৰ পিছত মঙলবাৰে নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয় শুভলক্ষ্মী দত্তক । তেওঁক নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতে ১০ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।

ইপিনে,আদালতে আজি তেওঁৰ জামিন আৱেদন নাকচ কৰে । অহা ২২ ছেপ্টেম্বৰত পুনৰ নাজিৰা মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হ'ব শুভলক্ষ্মী দত্তক । আজি বিয়লি আদালতৰ পৰা শিৱসাগৰ কাৰাগাৰলৈ অনা হয় শুভলক্ষ্মী দত্তক । উল্লেখ্য় যে এজাহাৰৰ ভিত্তিত নাজিৰা আৰক্ষী চকীৰ ৩৬/২৩ নং গোচৰ ৰুজু কৰা হৈছিল । ভাৰতীয় দণ্ডবিধিৰ ৩২৪/৩৪২/৩০৭/৩২৬/৫০৬ ধাৰাৰ অধীনত শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শুভলক্ষ্মী দত্তক ।

লগতে পঢ়ক:ASP Subhalakshmi Dutta case : আত্মসমৰ্পণৰ পিচতে জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ বিতৰ্কিত আৰক্ষী বিষয়া শুভলক্ষ্মী

ABOUT THE AUTHOR

...view details