অসম

assam

বালিজান দুৰ্ঘটনাত জড়িত ট্ৰাকৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী অসমীয়া যুৱ মঞ্চৰ

ETV Bharat / videos

বালিজান দুৰ্ঘটনাত জড়িত ট্ৰাকৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী অসমীয়া যুৱ মঞ্চৰ - dergaon tragic accident

By ETV Bharat Assamese Team

Published : Jan 5, 2024, 8:04 PM IST

আমগুৰি, ৫ জানুৱাৰী : ৰাষ্ট্রীয় ঘাইপথ প্ৰাধিকৰণ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ চূড়ান্ত গাফিলতিৰ বাবেই বালিজানৰ দুর্ঘটনা সংঘটিত হোৱাৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ । দেৰগাঁৱৰ শোকাৱহ পথ দুর্ঘটনা সন্দৰ্ভত শুকুৰবাৰে এক সংবাদমেল সম্বোধন কৰে এই অভিযোগ কৰে অসমীয়া যুৱ মঞ্চই । আনহাতে, ঠিকাদাৰী প্রতিষ্ঠান ৰাজিন্দৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু নির্মাণকাৰী প্রতিষ্ঠানৰ ওপৰত অনতিপলমে বিহিত ব্যৱস্থা গ্রহণৰো দাবী অসমীয়া যুৱ মঞ্চৰ। লগতে অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিয়ে কয়লা সৰবৰাহ কৰা ট্রাকখনৰ সবিশেষ তথ্য ৰাজহুৱাকৈ প্ৰকাশ কৰিবলৈও দাবী জনায় ।

কয়লাখিনি ক'ৰ পৰা অনা হৈছিল আৰু কয়লা সৰবৰাহৰ টিপিখনত কি কি তথ্য সন্নিবিষ্ট আছে, কয়লা পৰিবাহী গাড়ীখনৰ গন্তব্যস্থল কি আছিল এই বিষয়ে সঠিক তথ্য আগবঢ়াবলৈ অসম চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা মুখ্যমন্ত্ৰীক আহ্বান জনায় । ইয়াৰ উপৰি কয়লাসহ গাড়ীখনৰ ওজন কিমান আৰু গাড়ীখনত কিমান মেট্রিকটন কয়লা আছিল, দুৰ্ঘটনাৰ সময়ত ট্রাকত থকা কয়লাৰ পৰিমাণ টিপিত উল্লেখ থকা মতে সঠিকভাৱে আছিলনে নাই তাৰ তথ্য প্রকাশ কৰাৰ দাবী জনায় ।

আনহাতে, কয়লাসহ ট্রাকখনৰ যিমান ওজন সেই পৰিমাণৰ ওজনেৰে কয়লাখিনি কয়লা ডিপোৰ পৰা অসমৰ পথেৰে গাড়ী চলাচলত গড়কপ্তানি বিভাগ তথা পৰিবহণ বিভাগৰ অনুমোদন আছেনে নাই সেয়া প্রকাশ কৰাৰো দাবী জনায় ।

লগতে পঢ়ক :শোকাকুল পৰিৱেশৰ মাজতে তিলনি দেৰগাঁও দুৰ্ঘটনাৰ দুৰ্ঘটনাগ্ৰস্তৰ

ABOUT THE AUTHOR

...view details