ধেমাজিৰ ঐতিহাসিক হাবুঙত অসম দিৱস উদযাপন
Published : Dec 2, 2023, 5:52 PM IST
ধেমাজি, 2 ডিচেম্বৰ : সমগ্ৰ অসমৰ লগতে ধেমাজিতো আজি উদযাপন কৰা হয় "অসম দিৱস" ৷ ধেমাজি সদৰৰ পৰা বিশ কিলোমিটাৰ দূৰত্বত অৱস্থিত ঐতিহাসিক হাবুঙত পুৱাৰে পৰা অনুষ্ঠিত হৈছে অসম দিৱস তথা ছ্যু-কা-ফা দিৱসৰ কাৰ্যসূচী ৷
কাৰ্যসূচী অনুযায়ী পুৱা 10 বজাত পতাকা উত্তোলন কৰে হাবুং পৰিচালনা সমিতিৰ সদস্য তথা বিশিষ্ট সাহিত্যিক উমেশ চেতিয়াই ৷ স্বৰ্গদেউ ছ্যু-কা-ফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে বিশিষ্ট তাই পণ্ডিত ৰেৱতী বৰুৱাই আৰু বন্তি প্ৰজ্বলন কৰে হাবুং পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোহাঁয়ে ৷
ইয়াৰ পিছতে আহোমৰ ৰীতি-নীতিৰে "হলুং হফি"ত পূজা-অৰ্চনা কৰা হয় ৷ দুপৰীয়ালৈ অনুষ্ঠিত হয় মুকলি সভা ৷ উল্লেখ্য যে, আজি পুৱাৰে পৰা হাবুঙত অসম দিৱস উপলক্ষে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লোকৰ সমাগম হোৱাৰ পৰিলক্ষিত হয় ৷
লগতে পঢ়ক :যোৰহাটত ছ্যু-কা-ফা দিৱস পালন