গোলাঘাটত অশ্লেষা খাউণ্ড স্মৃতি শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা প্ৰদান - Aslekha Khaund foundation award distribution
Published : Nov 20, 2023, 10:24 PM IST
গোলাঘাট, ২০ নৱেম্বৰ : গোলাঘাট হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ একালৰ শ্ৰেষ্ঠ গায়িকা তথা অকালতে মৃত্যুবৰণ কৰা মেধাৱী ছাত্ৰী অশ্লেষা খাউণ্ডৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে পৰিয়ালৰ লোকে এক ন্যাস গঠন কৰে । এই ন্যাসৰ জৰিয়তে বিভিন্ন সামাজিক কাৰ্যসূচী হাতত লোৱাৰ ব্যৱস্থা কৰিছে পৰিয়ালবৰ্গই ।
ইয়াৰ অংশ স্বৰূপে সোমবাৰে গোলাঘাটৰ অগ্ৰণী মহিলা শিক্ষা প্ৰতিষ্ঠান হেমপ্ৰভা ছোৱালী মহাবিদ্যালয়ৰ সভাগৃহত অনুষ্ঠিত সভাত মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু ছাত্ৰ একতা সভাৰ বিষয়ববীয়াৰ হাতত অশ্লেষা খাউণ্ড স্মৃতি চলন্ত শ্ৰেষ্ঠ সংগীত শিল্পী বঁটা প্ৰদান কৰে । ছাত্ৰ একতা সভাৰ সভাপতি ক্ষৃতিকা দুৱেৰ সভাপতিত্বত অনুষ্ঠিত সভাত অশ্লেষা খাউণ্ড স্মৃতি চলন্ত শ্ৰেষ্ঠ সংগীত বঁটা প্ৰদান কৰে ।
উক্ত সভাত মহাবিদ্যালয়খনৰ অধ্যক্ষ বুলবুলি বৰুৱা, অশ্লেষা খাউণ্ড স্মৃতি ন্যাসৰ সভাপতি তথা প্ৰয়াস অশ্লেষা খাউণ্ডৰ পিতৃ ৰমেশ খাউণ্ড, মাতৃ মিনু কোঁৱৰ, ভাতৃ আশিস খাউণ্ড আদিৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰী আৰু অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে ।
উল্লেখ্য যে প্ৰতিবছৰে মহাবিদ্যালয়ত অনুষ্ঠিত সংগীত প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ প্ৰতিযোগীক অশ্লেষা খাউণ্ড স্মৃতি ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা হ'ব । এই বঁটাত থাকিব মানপত্ৰ, চলন্ত ট্ৰফী আৰু নগদ ৪ হাজাৰ টকা ।
লগতে পঢ়ক :জোনাইত সন্মিলিত গণশক্তি অসমৰ ১৮ সংখ্যক প্ৰতিষ্ঠা দিৱস
TAGGED:
Golaghat Awards