অসম

assam

ETV Bharat / videos

Ashok Singhal reaction: সাংবাদিকক মিঞা মিউজিয়াম বিষয়ৰ পৰা ওলাই অহাৰ আহ্বান অশোক সিংহালৰ - Minister Ashok Singhal

By

Published : Dec 18, 2022, 1:58 PM IST

Updated : Feb 3, 2023, 8:36 PM IST

মিঞা পৰিষদৰ সভাপতি আব্দুল বাতেনে পুনৰ অসমত মিঞা মিউজিয়াম নিৰ্মাণ কৰি মুখ্যমন্ত্ৰীৰ দ্বাৰা মুকলি কৰিব বুলি কোৱা মন্তব্য সন্দৰ্ভত মন্ত্ৰী অশোক সিংহালে আগবঢ়াই গুৰুত্বপূৰ্ণ মন্তব্য(Ashok Singhal About Miya Museum in Baihata) । মন্ত্ৰীগৰাকীয়ে কয় যে সাংবাদিকসকলৰ দৃষ্টি কেৱল মিঞা মিউজিয়ামত আছে(Miya Museum controversy)। অসম এতিয়া মিঞা মিউজিয়ামৰ পৰা ওলাই আহিছে । সেয়ে সংবাদ মাধ্যমকো মিঞা মিউজিয়াম বিষয়ৰ পৰা ওলাই অহাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে । ইফালে খেতি পথাৰত খৰালি মাহত যেতিয়া পানী যোগান দিব পৰা যাব সেইটোহে বাস্তৱ ক্ষেত্ৰত জলসিঞ্চন হ‘ব বুলি ব্যক্ত কৰে মন্ত্ৰী অশোক সিংহালে(Minister Ashok Singhal) । খৰালি মাহত পানী দি খেতিয়কক কেনেকৈ দুটা খেতি কৰাৰ প্ৰেৰণা দিব পাৰিব তাৰ কাৰণে বিভাগে মুখ্যমন্ত্ৰীৰ নেতৃত্বত কাম কৰি থকা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে(Irrigation Department) ।
Last Updated : Feb 3, 2023, 8:36 PM IST

ABOUT THE AUTHOR

...view details